কেন্দ্ৰীয় চৰকাৰে নিজৰ কৰ্মচাৰীসকলক দিব পাৰে হোলীৰ উপহাৰ। এই সপ্তাহত DA বৃদ্ধিৰ উপৰি ১৮ মাহ ধৰি আবদ্ধ হৈ থকা পুৰণি ডিএ সন্দৰ্ভতো গ্ৰহণ কৰিব পাৰে ডাঙৰ সিদ্ধান্ত। সূত্ৰ অনুসৰি, ১৬ মাৰ্চত চৰকাৰে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।
সূত্ৰ অনুসৰি, এইবাৰ DA ৩ শতাংশ বৃদ্ধি কৰা হ’ব। অৰ্থাৎ ৩১ শতাংশৰ পৰা ৩৪ শতাংশ কৰা হ’ব পাৰে। যদি এয়া হয় তেন্তে কৰ্মচাৰীসকলে দৰমহাত মূল বেতনৰ হিচাপত ডাঙৰ লাভ হ’ব।
ইয়াৰ উপৰি চৰকাৰে ১৬ মাৰ্চতে আবদ্ধ হৈ থকা DAক লৈও সিদ্ধন্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কোৱা হৈছে যে চৰকাৰে ১৮ মাহৰ DAৰ ৱান টাইম ছেটেলমেণ্ট কৰাৰ প্ৰস্তুতি চলাইছে। চৰকাৰে ২০২০ৰ জানুৱাৰীৰ পৰা ২০২১ৰ জুনলৈ দিবলগীয়া এৰিয়াৰ বন্ধ কৰি ৰাখিছে।