Y ৰ পৰা Y + লৈ উন্নীত কৰা হ’ল সাংবিধানিক বিচাৰপীঠৰ পাঁচজনীয়া সদস্যৰ নিৰাপত্তা ব্যৱস্থা
Y ৰ পৰা Y + লৈ উন্নীত কৰা হ’ল সাংবিধানিক বিচাৰপীঠৰ পাঁচজনীয়া সদস্যৰ নিৰাপত্তা ব্যৱস্থা
জেদ প্লাছলৈ উন্নীত কৰা হ’ল দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নিৰাপত্তা ব্যৱস্থা। শনিবাৰৰ ৰাম জন্মভূমিক লৈ ঐতিহাসিক ৰায়দানৰ পিছতে কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিলে গগৈৰ নিৰাপত্তা। একেসময়তে Y ৰ পৰা Y + লৈ উন্নীত কৰা হ’ল সাংবিধানিক বিচাৰপীঠৰ পাঁচজনীয়া সদস্যৰ আন পাঁচজন ন্যায়াধীশৰ নিৰাপত্তা ব্যৱস্থাৰো।
অযোধ্যাৰ ৰাম জন্মভূমিৰ ঐতিহাসিক ৰায়দানৰ পিছতেই বৃদ্ধি কৰা হৈছে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নিৰাপত্তা ব্যৱস্থা। পূৰ্বতে Z কেটেগ’ৰিৰ নিৰাপত্তা ব্যৱস্থাৰে পৰিবেষ্টিত হৈ থকা দেশৰ মুখ্য ন্যায়াধীশ জনক শনিবাৰৰ পৰা প্ৰদান কৰা হ’ল Z Plus নিৰাপত্তা ব্যৱস্থা। সমান্তৰালভাৱে নিৰাপত্তা বৃদ্ধি কৰা হৈছে পাচজনীয়া সাংবিধানিক বিচাৰপীঠত মুখ্য ন্যায়াধীশ গৰাকীৰ সৈতে থকা আন পাঁচজন ন্যায়াধীশৰো ।
ন্যায়াধীশ এছ এ ববডে, ডি ৱাই চন্দ্ৰডুড়,অশোক ভূষণ আৰু এছ এ নাজিৰৰো নিৰাপত্তা পূৰ্বৰ Y কেটেগ’ৰিৰ পৰা বৃদ্ধি কৰা হৈছে Y+ কেটেগ’ৰিলৈ। শনিবাৰৰ ঐতিহাসিক ৰায়দানক লৈ যথেষ্ট সস্ত্ৰম হৈ পৰিছিল কেন্দ্ৰীয় চৰকাৰ। বিশেষকৈ উত্তৰ প্ৰদেশৰ আইন শৃংখলা পৰিস্থিতিক লৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৰায়দানৰ এদিন পূৰ্বে নিজেই তলব কৰিছিল উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিৱক। সমগ্ৰ দেশৰে স্পৰ্শকাতৰ অঞ্চলসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি আইন শৃংখলা পৰিস্থিতিৰ যাতে অৱনতি নহয় তাৰ ব্যৱস্থা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। দেশৰ সামগ্ৰিক আইন শৃংখলা পৰিস্থিতিক লৈ ইমান খিনি তত্পৰতা দেখুওৱাৰ সমান্তৰালকৈ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আন চাৰিজন ন্যায়াধীশৰ নিৰাপত্তা ব্যৱস্থাও বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে।
১৭ নৱেম্বৰত দেশৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ লব অসম সন্তান ৰঞ্জন গগৈয়ে। অৱসৰৰ সাত দিন পূৰ্বে কেইবা দশকযোৰা বিবদমান ৰাম জন্মভূমি বিতৰ্কৰ অৱসান ঘটায় থৈ গ’ল ৰঞ্জন গগৈয়ে। দেশৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব অসমৰ সুযোগ্য সন্তান ৰঞ্জন গগৈৰ নাম ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|