চিকিৎসক, স্বাস্থ্যকৰ্মীক আক্ৰমণ কৰিলে এতিয়া ৭ বছৰ পৰ্যন্ত জেল আৰু দুই লাখ টকা জৰিমনা

দিল্লীত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰৰ।
দিল্লীত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰৰ।
- News18 Assam
- Last Updated: April 22, 2020, 5:22 PM IST
তেওঁ কয় - আজিৰ কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত Epidemic Disease Actৰ সংশোধনী অধ্যাদেশ খনক অনুমোদন প্ৰদান কৰা হৈছে আৰু এই অধ্যাদেশৰ যোগেদিয়ে এই কঠোৰ নিয়ম সমূহ কাৰ্যকৰী কৰা হব । নতুন আইন অনুসৰি তেনে ধৰণৰ অপৰাধৰ তদন্তও ৩০ দিনৰ ভিতৰত আৰক্ষীয়ে সমাপ্ত কৰিব লাগিব আৰু অপৰাধ গুৰুতৰ হলে জৰিমনা ৫ লক্ষ টকা পৰ্যন্ত বৃদ্ধি হব পাৰে ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে Indian Medical Association ৰ বিষয়ববীয়া সকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত লোৱা হয় এই সিদ্ধান্ত । পূৰ্বে IMAয়ে অহা এপ্ৰিলৰ ২৩ তাৰিখটো কলা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ পাছত IMA এ প্ৰতিবাদ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে । সেই দিনা খন ডক্তৰ সকলে ক’লা বেজ পৰিধান কৰি সেৱা আগবঢ়োৱাৰ কথা আছিল ।