২৫ শতাংশ হ্ৰাস TDSৰ হাৰ, সাধাৰণ জনতাৰ হাতলৈ ৫০ হাজাৰ কোটি

News18 Assam | News18-Assam
Updated:May 13, 2020, 6:55 PM IST
২৫ শতাংশ হ্ৰাস TDSৰ হাৰ, সাধাৰণ জনতাৰ হাতলৈ ৫০ হাজাৰ কোটি
বিশেষ আৰ্থিক পেকেজৰ অধীনত TDSৰ হাৰ কমালে কেন্দ্ৰীয় চৰকাৰ। এই ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

বিশেষ আৰ্থিক পেকেজৰ অধীনত TDSৰ হাৰ কমালে কেন্দ্ৰীয় চৰকাৰ। এই ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

  • Share this:
কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে জনাই যে, TDS, TCSৰ হাৰ ২৫ শতাংশ হ্ৰাস কৰা হৈছে। যাৰ জৰিয়তে সাধাৰণ লোকৰ বাবে অতিৰিক্ত ৫০ হাজাৰ কোটি টকা থাকিব। সকলো ধৰণৰ Paymentৰ ক্ষেত্ৰতে এই নিৰ্দেশ কাৰ্যকৰী কৰা হ’ব। ৩১ মাৰ্চ, ২০২১ পৰ্যন্ত এই নিৰ্দেশ বাহাল থাকিব। চৰকাৰৰ এই সিদ্ধন্ত কাইলৈৰ পৰাই হ’ব প্ৰযোজ্য।

মঙলবাৰে ল’ক ডাউনৰ ফলত দেশৰ অৰ্থনীতিত হোৱা লোকচানৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ লাখ কোটি টকাৰ বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰিছিল। এই পেকেজৰ ধন কোন কোন শিতানৰ বাবে কিদৰে খৰচ কৰা হ’ব সেই সন্দৰ্ভত বুধবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদমেল সম্বোধন কৰিছিল।

 
First published: May 13, 2020, 6:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি