• Home
  • »
  • News
  • »
  • nation
  • »
  • বিদ্যুৎ পৰিবাহী তাঁৰত এজন যুৱক, উদ্ধাৰ কৰিবলৈ আহিল ৰে’ল, তাৰ পিছত... চাওক VIDEO

বিদ্যুৎ পৰিবাহী তাঁৰত এজন যুৱক, উদ্ধাৰ কৰিবলৈ আহিল ৰে’ল, তাৰ পিছত... চাওক VIDEO

যুৱকজনৰ এই কাণ্ডৰ বাবে কৰ্তন কৰিবলগীয়া হয় বিদ্যুৎ সেৱা।

যুৱকজনৰ এই কাণ্ডৰ বাবে কৰ্তন কৰিবলগীয়া হয় বিদ্যুৎ সেৱা।

যুৱকজনৰ এই কাণ্ডৰ বাবে কৰ্তন কৰিবলগীয়া হয় বিদ্যুৎ সেৱা।

  • Share this:
    মধ্য প্ৰদেশস্থিত গোৱালিয়ৰ জিলাৰ ডবৰা ৰে’ল ষ্টেচনৰ সমীপত মঙলবাৰে সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। বিদ্যুৎ পৰিবাহী তাঁৰত উঠিল এজন যুৱক। প্ৰায় এঘণ্টাৰ চেষ্টাৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱকজনক।

    এই ঘটনাৰ বাবে এঘণ্টাৰ বাবে বন্ধ কৰিবলগীয়া হয় ৰে’ল লাইন। ৰে’লেৱৰ এগৰাকী বিষয়াই কয় যে এই ঘটনা ডবৰা ষ্টেচনৰ সমীপত সংঘটিত হয়। মঙলবাৰে ডাউন লাইনত এজন যুৱক বিজুলিৰ খুটাত উঠাৰ খবৰ দিছিল সামগ্ৰী পৰিবাহী ৰে’লৰ নিৰাপত্তাৰক্ষীয়ে।

    এই খবৰৰ ভিত্তিত ডবৰা ষ্টেচনৰ ৰে’লকৰ্মীৰ দল আৰু আৰ পি এফ ঘটনাস্থলীত উপস্থিত হয়। যুৱকজনৰ এই কাণ্ডৰ বাবে কৰ্তন কৰিবলগীয়া হয় বিদ্যুৎ সেৱা। এটা ৰে’লৰ ইঞ্জিনৰ সহায়ত প্ৰায় এঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱকজনক। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৰে’ল আৰক্ষীয়ে।



    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
    First published: