মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»দেশবাসীৰ বাবে এইবাৰ স্বাস্থ্য পৰিচয় পত্ৰ! ১৫ আগষ্টত প্ৰধানমন্ত্ৰীয়ে কৰিব পাৰে ঘোষণা

দেশবাসীৰ বাবে এইবাৰ স্বাস্থ্য পৰিচয় পত্ৰ! ১৫ আগষ্টত প্ৰধানমন্ত্ৰীয়ে কৰিব পাৰে ঘোষণা

News18 Assam | News18-Assam
Updated:August 3, 2020, 4:56 PM IST
দেশবাসীৰ বাবে এইবাৰ স্বাস্থ্য পৰিচয় পত্ৰ! ১৫ আগষ্টত প্ৰধানমন্ত্ৰীয়ে কৰিব পাৰে ঘোষণা
এইবাৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিব পাৰে ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছন।

এইবাৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিব পাৰে ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছন।

  • Share this:
এইবাৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিব পাৰে ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিছন। ইয়াৰ যোগেদি দেশৰ প্ৰতিজন নাগৰিকৰ স্বাস্থ্য সম্বন্ধীয় তথ্য, এখন উমৈহতীয়া ডিজিটেল প্লেটফর্মত উপলব্ধ হ’ব। লগতে প্ৰতিজন নাগৰিকক একোখনকৈ স্বাস্থ্য পৰিচয় পত্ৰও প্ৰদান কৰা হ’ব। এই আঁচনিৰ যোগেদি সমগ্ৰ দেশৰ চিকিৎসক আৰু স্বাস্থ্য সেৱাৰ সমগ্ৰ তথ্য একেখন ডিজিটেল প্লেটফর্মতে পোৱা যাব। ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধীকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া ইন্দু ভূষণে  News18ক আজি এই কথা জানিবলৈ দিয়ে।



ইন্দু ভূষণে জানিবলৈ দিয়া মতে, এই আঁচনিয়ে তিনিটা বিশেষ কথাত গুৰুত্ব আৰোপ কৰিছে – স্বাস্থ্য পৰিচয় পত্ৰ প্ৰদান, নাগৰিকৰ স্বাস্থ্যৰ সবিশেষ ডিজিটেল মাধ্যমত উপলব্ধ কৰা আৰু চিকিৎসক আৰু স্বাস্থ্য সেৱাৰ সমগ্ৰ সেই একেখন প্লেটফর্মত সন্নিৱিষ্ট কৰা। এই আঁচনিত এজন ব্যক্তিয়ে নিজৰ ইচ্ছাত সংযুক্ত হ’ব পাৰিব আৰু ই বাধ্যতামূলক নহ’ব বুলিও জানিবলৈ দিয়ে ইন্দু ভূষণে।
Published by: Himangshu Bhuyan
First published: August 3, 2020, 4:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি