অত্যধিক জৰিমনাই নহয়, যান–বাহন আইন উলংঘা কৰিলে এইবাৰ ভৰিব লাগিব অধিক প্ৰিমিয়াম!

যিসকল লোকে যান–বাহন আইন গুৰুত্ব সহকাৰে নলয়, আহিবলগীয়া সময়ত বাঢ়িব পাৰে বিপদ।

News18-Assam
Updated:September 9, 2019, 5:51 PM IST
অত্যধিক জৰিমনাই নহয়, যান–বাহন আইন উলংঘা কৰিলে এইবাৰ ভৰিব লাগিব অধিক প্ৰিমিয়াম!
যিসকল লোকে যান–বাহন আইন গুৰুত্ব সহকাৰে নলয়, আহিবলগীয়া সময়ত বাঢ়িব পাৰে বিপদ।
News18-Assam
Updated: September 9, 2019, 5:51 PM IST
নতুন যান–বাহন আইন কাৰ্যকৰী হোৱাৰ পিছত বৃহৎ পৰিমাণৰ জৰিমনাৰ বহু ঘটনা সংঘটিত হৈছে। তাৰ মাজতে এইবাৰ চৰকাৰে আৰু এক প্ৰস্তাৱ অনাৰ চিন্তা–চৰ্চা কৰিছে। এই প্ৰস্তাৱ অনুসৰি যদি আপুনি যান–বাহন আইন উলংঘা কৰে তেন্তে বৃহৎ পৰিমাণৰ জৰিমনাই নহয়, বৃদ্ধি হ’ব পাৰে গাড়ীৰ বীমাৰ প্ৰিমিয়ামো। কিয়নো চৰকাৰে স্মাৰ্ট ট্ৰেফিক ছিষ্টেম কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে।

চৰকাৰৰ পৰামৰ্শ মতে IRDAIই এখন কাৰ্যকৰী গোট গঠন কৰিছে যিয়ে এই বিষয়টোক লৈ চিন্তা–চৰ্চা কৰিব যে যদি কোনোৱে যান–বাহন আইন উলংগা কৰে তেন্তে কিদৰে তাক তেওঁৰ বীমাৰ প্ৰিমিয়ামৰ সৈতে সংযোগ কৰা যাব। দুমাহৰ ভিতৰত কমিটীয়ে প্ৰতিবেদন দাখিল কৰিব দিল্লীৰ পৰা আৰম্ভ হ’ব ইয়াৰ পাইলট প্ৰজেক্ট। সেয়েহে যিসকল লোকে যান–বাহন আইন গুৰুত্ব সহকাৰে নলয়, আহিবলগীয়া সময়ত বাঢ়িব পাৰে বিপদ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি