শনিবাৰে সন্ধিয়া অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ ((Golden Temple in Amritsar) গণপ্ৰহাৰৰ ঘটনাক লৈ বিশেষ তদন্ত দল (SIT) গঠন কৰা হৈছে। অনুসন্ধানকাৰী দলটোৱে দুদিনৰ ভিতৰত পঞ্জাব চৰকাৰক ইয়াৰ প্ৰতিবেদন দাখিল কৰিব। উল্লেখ্য, উত্তৰ প্ৰদেশৰ এজন ব্যক্তিক শনিবাৰে স্বৰ্ণ মন্দিৰত ধৰ্মীয় অপমানৰ অভিযোগত খঙাল জনতাই প্ৰহাৰ কৰিছিল, আৰু তেওঁৰ এই ঘটনাত মৃত্যু হৈছিল। অভিযোগ উঠিছিল যে ব্যক্তিজনে স্বৰ্ণ মন্দিৰত উপস্থিত হৈ শিখৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ গ্ৰন্থচাহিবক অপমান তথা মন্দিৰৰ তৰোৱাল দাঙিছিল (sacrilege attempt In Golden Temple)। শিৰোমণি গুৰুদ্বাৰা প্ৰবন্ধক সমিতিৰ (SPGC) টাস্ক ফ'ৰ্চৰ সদস্যসকলে মানুহজনক ধৰি ৰাখিছিল যদিও তেওঁক এছজিপিচি কাৰ্যালয়লৈ লৈ যোৱাৰ সময়ত খঙাল জনতাই বেয়াকৈ প্ৰহাৰ কৰি হত্যা কৰে।
পঞ্জাবৰ উপ-মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধাৱাই এইটো এটা দুৰ্ভাগ্যজনক ঘটনা বুলি আখ্যা দিয়ে। উল্লেখ্য, মৃত ব্যক্তিগৰাকীৰ পৰিচিতি এতিয়াও ওলোৱা নাই। উপ-মুখ্যমন্ত্ৰীয়ে দেওবাৰে কয় যে সমগ্ৰ ঘটনাটোৰ তদন্তৰ বাবে ডিচিপি আইন-শৃংখলাৰ অধীনত এটা বিশেষ তদন্ত দল গঠন কৰা হৈছে। এই বিশেষ অনুসন্ধান দলে দুদিনৰ ভিতৰত ইয়াৰ তদন্ত প্ৰতিবেদন দাখিল কৰিব।
পঞ্জাবৰ উপ-মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৮ চনত ৰাজ্য চৰকাৰে ভাৰত চৰকাৰলৈ গুৰু গ্ৰন্থ চাহিব, ভগৱৎ গীতা, কোৰাণ আৰু বাইবেলক অপমান কৰা লোকসকলক ধাৰা ২৯৫এৰ অধীনত ন্যূনতম ১০ বছৰ কাৰাবাসত ৰখাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। এই বিষয়ে তেওঁ পুনৰ ভাৰত চৰকাৰলৈ লিখিব বুলি উল্লেখ কৰে।
ঘটনা সন্দৰ্ভত আৰক্ষী উপায়ুক্ত পি এছ ভাণ্ডালে কয় যে উত্তৰ প্ৰদেশৰ উক্ত লোকজনৰ বয়স প্ৰায় ৩০ বছৰ। তেওঁ কেতিয়া সোণালী মন্দিৰত প্ৰৱেশ কৰিছিল আৰু তেওঁৰ সৈতে কিমানজন লোক আছিল সেই বিষয়ে সকলো চিচিটিভি কেমেৰা পৰীক্ষা কৰি থকা হৈছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|