ভাল খবৰ! ৫ লাখ টকা পৰ্যন্ত ইনকাম টেক্স ৰিফাণ্ড কৰিবলৈ নিৰ্দেশ দিলে কেন্দ্ৰীয় চৰকাৰে

News18 Assam | News18-Assam
Updated:April 8, 2020, 7:10 PM IST
ভাল খবৰ! ৫ লাখ টকা পৰ্যন্ত ইনকাম টেক্স ৰিফাণ্ড কৰিবলৈ নিৰ্দেশ দিলে কেন্দ্ৰীয় চৰকাৰে
বিত্ত মন্ত্ৰণালয়ে অতিশীঘ্ৰে পাঁচ লাখ টকা পৰ্যন্ত কৰ ৰিফাণ্ড কৰিবলৈ জাৰি কৰিছে নিৰ্দেশ। ইয়াৰ ফলত ১৪ লাখ কৰদাতা লাভৱান হ’ব।

বিত্ত মন্ত্ৰণালয়ে অতিশীঘ্ৰে পাঁচ লাখ টকা পৰ্যন্ত কৰ ৰিফাণ্ড কৰিবলৈ জাৰি কৰিছে নিৰ্দেশ। ইয়াৰ ফলত ১৪ লাখ কৰদাতা লাভৱান হ’ব।

  • Share this:
কোৰোণা ভাইৰাছে দেশত ধাৰণ কৰিছে তীব্ৰ ৰূপ। সেইসময়তে কেন্দ্ৰীয় বিত্তমন্ত্ৰণালয়ে দিছে বিশেষ নিৰ্দেশ। দেশৰ সাধাৰণ কৰদাতা আৰু ব্যৱসায়ীসকলক চৰকাৰে দিছে বিশেষ সকাহ। বিত্তমন্ত্ৰণালয়ে অতি শীঘ্ৰে ৫ লাখ টকা পৰ্যন্ত আয়কৰ ৰিফাণ্ড কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ ফলত ১৪ লাখ কৰদাতা লাভৱান হ’ব।



বিত্তমন্ত্ৰণালয়ে জি এছ টি আৰু কাষ্টম টেক্স ৰিফাণ্ড কৰিবলৈও নিৰ্দেশ দিছে। ইয়াৰ ফলত দেশৰ প্ৰায় ১লাখ ব্যৱসায়ী আৰু এম এছ এম ইয়ে পাব সকাহ। সৰ্বমুঠ চৰকাৰে ১৮ হাজাৰ কোটি টকাৰ কৰ ৰিফাণ্ড কৰিবলৈ জাৰি কৰা হৈছে নিৰ্দেশনা।
Published by: Himangshu Bhuyan
First published: April 8, 2020, 7:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি