মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»কোৰোণা মহামাৰীৰে যুঁজিবলৈ জৰুৰীকালীন পেকেজ – কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ মুকলি কৰি দিলে ১৫ হাজাৰ কোটি টকা

কোৰোণা মহামাৰীৰে যুঁজিবলৈ জৰুৰীকালীন পেকেজ – কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ মুকলি কৰি দিলে ১৫ হাজাৰ কোটি টকা

News18 Assam | News18-Assam
Updated:April 9, 2020, 8:02 PM IST
কোৰোণা মহামাৰীৰে যুঁজিবলৈ জৰুৰীকালীন পেকেজ – কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ মুকলি কৰি দিলে ১৫ হাজাৰ কোটি টকা
Source-Google

এই পেকেজত খৰচ কৰিবলগীয়া দিয়া সম্পূৰ্ণ ধন কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যাব।

  • Share this:
কোৰোণা ভাইৰাছ মহামাৰীৰ সৈতে যুঁজিবলৈ কেন্দ্ৰীয় চৰকাৰে কোভিড–১৯ ইমাৰজেন্সী ৰেছপন্স হেল্ছ ছিষ্টেম পেকেজৰ জৰিয়তে ১৫ হাজাৰ কোটি টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় চৰকাৰে স্বাস্থ্য খণ্ডক শক্তিশালী কৰাৰ উদ্দেশ্যৰে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ সম্পূৰ্ণ পুঁজি যোগানত মঞ্জুৰি প্ৰদান কৰিছে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে India COVID-19 Emergency Response and Health System Preparedness Packageৰ ঘোষণা কৰিছে। এই পেকেজত খৰচ কৰিবলগীয়া দিয়া সম্পূৰ্ণ ধন কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যাব।

এই পেকেজ সম্বন্ধীয় ৫টা কথা
১. নেচনেল হেল্থ মিছনৰ সঞ্চালক বন্দনা গুৰুনানীয়ে এক ছাৰ্কুলাৰ জাৰি কৰি কয় যে ১০০ শতাংশ চেন্ট্রেল প্ৰজেক্ট ২০২০ৰ জানুৱাৰীৰ পৰা ২০২৪ৰ মাৰ্চলৈ তিনিটা পৰ্যায়ত কাৰ্যকৰী কৰা হ’ব।

২. এই প্ৰজেক্টৰ জৰিয়তে কোৰোণা ভাইৰাছ সংক্ৰমিত লোকৰ পৰিচৰ্যা আরু ৰাষ্ট্রীয় আৰু ৰাজ্য পৰ্যায়ত স্বাস্থ্য খণ্ডক মজবুত কৰা হ’ব। লগতে মেডিকেল উপকৰণ, ঔষধ ক্ৰয়, পৰীক্ষাগাৰ নিৰ্মাণ আৰু বায়’ ছিকিউৰিটীৰ প্ৰস্তুতি অন্তৰ্ভুক্ত থাকিব।
৩. এই ছাৰ্কুলাৰ দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য সচিব আৰু স্বাস্থ্য আয়ুক্তলৈ প্ৰেৰণ কৰা হৈছে।
৪. প্ৰথম পৰ্যায়ত কোভিড–১৯ হাস্পতাল বৃদ্ধি আৰু আন হাস্পতালৰ বিকাশ ঘটোৱা হ’ব। লগতে আইছ’লেচন ৰুম, ভেণ্টিলেটৰৰ লগতে আইচিইউ, হাস্পতালত অক্সিজেনৰ যোগান ধৰাৰ কাম কৰা হ’ব।
৫. প্ৰথম পৰ্যায়ত পৰীক্ষাগাৰ আৰু এম্বুলেঞ্চো বৃদ্ধি কৰা হ’ব। ৰিপ’ৰ্ট অনুসৰি, কেন্দ্ৰীয় পেকেজৰ দ্বাৰা ৰাজ্যত পিপিই, N95 মাস্ক আৰু ভেণ্টিলেটৰ ক্ৰয় কৰাত সহায় কৰা হ’ব। যিটো ভাৰত চৰকাৰৰ দ্বাৰা ক্ৰয় কৰি যোগান ধৰা হৈ আছে।
Published by: Sanjay Kumar Das
First published: April 9, 2020, 8:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি