Covid 19: চৰকাৰী কাৰ্যালয়ৰ কাৰণে গাইডলাইন্স জাৰি, কৰ্মচাৰীসকলে মানিব লাগিব এইসমূহ নিয়ম

News18 Assam | News18-Assam
Updated:May 19, 2020, 9:40 AM IST
Covid 19: চৰকাৰী কাৰ্যালয়ৰ কাৰণে গাইডলাইন্স জাৰি, কৰ্মচাৰীসকলে মানিব লাগিব এইসমূহ নিয়ম
সোমবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে লকডাউনৰ(Lockdown 4) সময়ত খুলিবলগীয়া কাৰ্যালয়সমূহৰ কাৰণে গাইডলাইন্স (Guidelines for Offices) জাৰি কৰিছে। 

সোমবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে লকডাউনৰ(Lockdown 4) সময়ত খুলিবলগীয়া কাৰ্যালয়সমূহৰ কাৰণে গাইডলাইন্স (Guidelines for Offices) জাৰি কৰিছে। 

  • Share this:
নতুন দিল্লীঃ দেশত বৃদ্ধি পোৱা কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ বিপদৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা লকডাউন (Lockdown 4)ক ৩১মে’লৈকে বৃদ্ধি কৰা হৈছে। লকডাউনৰ সময়ত সীমিত সংখ্যাত কৰ্মচাৰীৰ সৈতে কাৰ্যালয় খোলাৰো অনুমতি প্ৰদান কৰিছে কেন্দ্ৰই। সোমবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে লকডাউনৰ সময়ত খুলিবলগীয়া অফিচৰ কাৰণে গাইডলাইন্স (Guidelines for Offices) জাৰি কৰিছে।

আহক জানো সেই বিষয়ে–

অফিচৰ সকলো কৰ্মচাৰী আৰু ভিজিটৰ্ছৰ কাৰণে–


  1. অফিচত প্ৰত্যেক সময়ত ছচিয়েল ডিছটেনশ্যিং পালন কৰিব লাগিব। এজনৰ সৈতে আনজনৰ মাজত এক মিটাৰৰ দূৰত্ব অনিবাৰ্য।

  2. সকলোৱে ফেচ মাস্ক পিন্ধিবই লাগিব।

  3. সময়ে–সময়ে ৪০ৰ পৰা ৬০ছেকেণ্ডৰ কাৰণে হাত ধোৱা আৰু এলকহ’ল যুক্ত চেনিটাইজাৰৰে কমেও ২০ছেকেণ্ড হাত চাফা কৰাটো অনিবাৰ্য।

  4. কাঁহোতে বা হাঁচি মাৰোতে ৰুমাল, টিছ্যু পেপাৰ বা কিলাকুটিৰে মুখ ঢাকি লোৱাটো বাধ্যতামূলক হ’ব। এই সময়চোৱাত নাক আৰু মুখ ঢাকি লোৱাটো বাধ্যতামূলক। ব্যৱহাৰৰ পিছত টিছ্যু পেপাৰ ভালকৈ পেলাই দিব লাগিব।

  5. সকলোৱে নিজৰ স্বাস্থ্য নিজেই ভালকৈ চাব লাগিব। গা বেয়া হ’লে জনাব লাগিব।

  6. কোনো কৰ্মচাৰীৰ যদি চৰ্দি–জ্বৰ (ফ্লু)ৰ দৰে লক্ষণৰ দ্বাৰা বেমাৰ হৈছে তেনেহ’লে তেওঁ অফিচলৈ নাহিব। স্থানীয় স্বাস্থ্য বিষয়াৰ সৈতে তৎক্ষণাত যোগাযোগ কৰিব। সেই ব্যক্তিজন কোভিড–১৯ত নিশ্চিতভাৱে আক্ৰান্ত হ’লে তৎক্ষণাত কাৰ্যালয়ত খবৰ দিব।

  7. কোনো কৰ্মচাৰী যদি কণ্টেইনমেণ্ট জ’নত থাকে আৰু তেওঁক হোম কোৱাৰানটাইনৰ পৰামৰ্শ দিয়া হৈছে তেনেহ’লে অফিচে তেওঁক ৱৰ্ক ফ্ৰম হোমৰ সুবিধা প্ৰদান কৰিব। 

  8. যদি অফিচত কাম কৰি থকা কোনো ব্যক্তিৰ মাজত কোৰোণাৰ লক্ষণ দেখা পোৱা যায় তেনেহ’লে সেই কৰ্মচাৰীজনক এখন মাস্ক পিন্ধাই আনসকল কৰ্মচাৰীৰ পৰা আঁতৰাই তেতিয়ালৈকে বেলেগ স্থানত ৰাখিব লাগিব যেতিয়ালৈকে কোনো চিকিৎসকে তেওঁৰ স্বাস্থ্য পৰীক্ষা নকৰায়।

  9. ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ বিষয়াবৰ্গক তৎক্ষণাত ইয়াৰ খবৰ দিব লাগিব। হেল্পলাইন নম্বৰ 1075 হয়।

  10. উপযুক্ত পাব্লিক হেল্থ অথ’ৰিটীয়ে কোভিড–১৯ৰ লক্ষণৰ গম লৈ কৰ্মচাৰীজনৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলৰ আৰু ডিচইনফেকশ্যনৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব।

  11. যদি সেই কৰ্মচাৰীজনৰ মাজত কোৰোণাৰ লক্ষণ পাতলীয়াকৈ আছে তেনেহ’লে স্বাস্থ্য বিষয়াসকলৰ তৰফৰ পৰা নিয়ম পালন কৰি তেওঁক হোম কোৱাৰানটাইনত ৰখাৰ ব্যৱস্থা লোৱা হ’ব। ইয়াৰ কাৰণে তেওঁ স্বাস্থ্য মন্ত্ৰালয়ৰ গাইডলাইন্সৰ পালন কৰিব লাগিব।

  12. কোৰোণাত আক্ৰান্তৰ লক্ষণ দেখা পালে কৰ্মচাৰীজনে স্বাস্থ্য মন্ত্ৰালয়ৰ গাইডলাইন্স পালন কৰিব লাগিব।

  13. জিলাৰ ৰেপিড ৰেচপন্স টীম তৎক্ষণাত মাতিব লাগিব। সেই সময়ত কৰ্মচাৰীজনৰ সম্পৰ্কলৈ অহা আন লোকসকলৰ লিষ্ট বনাব লাগিব।

  14. কৰ্মচাৰীজন কোৰোণা পজিটিভ হ’লে তেওঁৰ সম্পৰ্কলৈ অহা লোকসকলক চিনাক্ত কৰি ৱৰ্ক প্লেচ ডিচইনফেকটেণ্ট কৰিব লাগিব। 

  15. গাইডলাইন্সত এই কথা স্পষ্টকৈ কোৱা হৈছে যে, যদি কোনো অফিচত এজন বা দুজন কোৰোণা পজিটিভ কেচ আহে তেনেহ’লে বিগত ৪৮ঘণ্টাত য’ত য’ত সংক্ৰমণ হৈছে সেই ঠাইসমূহ ডিচইনফেকটেণ্ট কৰিব লাগিব। এনে স্থিতিত সম্পূৰ্ণ বিল্ডিং বা অফিচৰ আন ঠাই ছীল কৰাৰ প্ৰয়োজন নহয়। ডিচইনফেকটেণ্ট কৰাৰ পিছত কাম আৰম্ভ কৰিব পৰা যাব।

  16. যদি কোনো কাৰ্যালয়ত বৃহৎ পৰিসৰত কোৰোণাৰ সংক্ৰমণ পোহৰলৈ আহে তেনেহ’লে সম্পূৰ্ণ বিল্ডিংটো ৪৮ঘণ্টাৰ কাৰণে ছীল কৰা হ’ব। সকলোৱে ৱৰ্ক ফ্ৰম হোম কৰিব লাগি‍ব। যেতিয়ালৈকে বিল্ডিং ডিচইনফেকটেণ্ট কৰি সুৰক্ষিত ঘোষণা কৰা নহয়।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading