চৰকাৰী চিকিৎসালয়ত নাৰ্ছে বনালে টিক টক ভিডিঅ’! তাৰ পিছত..........?

News18-Assam
Updated:June 26, 2019, 9:52 PM IST
চৰকাৰী চিকিৎসালয়ত নাৰ্ছে বনালে টিক টক ভিডিঅ’! তাৰ পিছত..........?
উৰিষ্যাৰ এখন চিকিৎসালয়ৰ কৰ্মৰত অৱস্থাত থকা নাৰ্চে বনালে টিক টক ভিডিঅ’।

উৰিষ্যাৰ এখন চিকিৎসালয়ৰ কৰ্মৰত অৱস্থাত থকা নাৰ্চে বনালে টিক টক ভিডিঅ’।

  • Share this:
প্ৰতিদিনে বৃদ্ধি পাইছে  টিকটকৰ আশক্তি! এইবাৰ কৰ্মৰত অৱস্থাত চৰকাৰী নাৰ্চেও চিকিৎসালয়তে নিৰ্মাণ কৰিলে টিক টক ভিডিঅ’। উৰিষ্যাৰ মালকানগিৰি জিলাৰ এখন চৰকাৰী চিকিৎসালৰ কেইগৰাকীমান নাৰ্চে চিকিত্‍সালয়ৰ ভিতৰতে টিক টক ভিডিঅ’ বনোৱাৰ কাণ্ডই এতিয়া ব্যাপক চৰ্চা লাভ কৰাৰ লগতে ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে ভিডিঅ’।



ৰাজ্যখনৰ স্বাস্থ্য বিভাগেও নাৰ্চ কোইগৰাকীয়ে নিৰ্মাণ কৰা সৰ্বমুঠ তিনিটা টিক টক ভিডিঅ’ দেখা পাই এতিয়া অস্বস্তিত পৰিছে। এতিয়া নাৰ্চকেইগৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে স্বাস্থ্য বিভাগে। সেইদৰে জিলা স্বাস্থ্য বিভাগে নাৰ্চ কেইগৰাকীক নিলম্বন কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে বুলি জানিব পৰা গৈছে। সেইদৰে এনেধৰণৰ কাৰ্যকলাপ চিকিৎসালয়ৰ নিয়মৰ বাহিৰত আৰু অত্যন্ত অপমানজনক বুলি মন্তব্য কৰিছে কৰ্তৃপক্ষই।
আৰু চাওক
পৰৱৰ্তী বাতৰি