গুগল প্লে’ ষ্ট’ৰৰ পৰা কেতিয়া আঁতৰিব টিকটকসহ আন চীনা এপ? কি ব্যৱস্থা লৈছে চৰকাৰে?

News18 Assam | News18-Assam
Updated:June 30, 2020, 11:33 AM IST
গুগল প্লে’ ষ্ট’ৰৰ পৰা কেতিয়া আঁতৰিব টিকটকসহ আন চীনা এপ? কি ব্যৱস্থা লৈছে চৰকাৰে?
কেৱল এই ৫৯টা এপেই নহয়, চৰকাৰে আৰু বহু এপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

কেৱল এই ৫৯টা এপেই নহয়, চৰকাৰে আৰু বহু এপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

  • Share this:
সীমান্তত ভাৰত–চীন সেনাৰ সংঘাতৰ পিছতে ভাৰত চৰকাৰে টিকটকসহ ৫৯টা চীনা এপ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সোমবাৰে তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে এই সন্দৰ্ভত এক নিৰ্দেশনাৰ লগতে ৫৯টা এপৰ তালিকা জাৰি কৰে।

কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ বিবৃতিত কোৱা হৈছে – ১৩০ কোটি ভাৰতীয়ৰ তথ্য সুৰক্ষা আৰু ব্যক্তিগত গোপনীয়তা ৰক্ষাক লৈ প্ৰশ্ন উঠিছিল। দেশৰ ঐক্যতা, সাৰ্বভৌমত্বৰ ক্ষেত্ৰতো এই এপসমূহ ক্ষতিকাৰক।

ইতিমধ্যে চৰকাৰে গুগল আৰু প্লে ষ্ট’ৰক এই এপসমূহ বন্ধ কৰিবলৈ কোৱা হৈছে। অৰ্থাৎ টিকটকসহ এই এপসমূহৰ কোনো নতুন ইউজাৰ আৰু আপডেটছ নহ’ব। অৰ্থাৎ একপ্ৰকাৰ এই এপসমূহৰ শেষ সময় আহি পৰিছে।

সকলো ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰক এই এপসমূহৰ সেৱা ব্লক কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে। গুগল আৰু প্লে ষ্ট’ৰকো তেওঁলোকৰ প্লেটফৰ্মত এই এপসমূহ উপলব্ধ নকৰিবলৈ কোৱা হৈছে। সূত্ৰ অনুসৰি, এই কাম ইতিমধ্যে আৰম্ভ হৈছে।

কেৱল এই ৫৯টা এপেই নহয়, চৰকাৰে আৰু বহু এপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে, যি এপে ৰাষ্ট্রৰ স্বাৰ্থৰ বিৰোধিতা কৰে।
First published: June 30, 2020, 11:32 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading