যোগী আদিত্যনাথক লৈ আপত্তিজনক পোষ্ট কৰি পৰিল বিপদত

ইফালে আন এজন অভিযুক্তই বিদেশৰ পৰা শ্বেয়াৰ কৰিলে পোষ্টটো। অভিযুক্ত ধমেন্দ্ৰ ভাৰতীক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা অব্যাহত। লগতে পাষ্টপোৰ্ট বাতিল আৰু ইণ্টাৰপলৰ জাননী প্ৰেৰণ কৰা হৈছে।

news18assam
Updated:June 11, 2019, 12:58 PM IST
যোগী আদিত্যনাথক লৈ আপত্তিজনক পোষ্ট কৰি পৰিল বিপদত
ইফালে আন এজন অভিযুক্তই বিদেশৰ পৰা শ্বেয়াৰ কৰিলে পোষ্টটো। অভিযুক্ত ধমেন্দ্ৰ ভাৰতীক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা অব্যাহত। লগতে পাষ্টপোৰ্ট বাতিল আৰু ইণ্টাৰপলৰ জাননী প্ৰেৰণ কৰা হৈছে।
news18assam
Updated: June 11, 2019, 12:58 PM IST
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত গোৰখপুৰ আৰক্ষীয়ে ২জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ঘটনা সন্দৰ্ভত গোৰখপুৰৰ গোলা আৰক্ষীয়ে পীৰ মহম্মদক গ্ৰেপ্তাৰ কৰে। দেশৰ বাহিৰত থকা বাবে আনহাতে আনজন অভিযুক্ত ধমেন্দ্ৰ ভাৰতীৰ বিৰুদ্ধে সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰিছে। ধাৰাবাহিকভাৱে আপত্তিজনক পোষ্টৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি আছে।



গৌলাৰ CO সতীশ চন্দ শুক্লাই ক’লে যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত গৌলাৰ পৰা পীৰ মদম্মদক গ্ৰেপ্তাৰ কৰে। আনহাতে আনজন অভিযুক্তই বিদেশৰ পৰা শ্বেয়াৰ কৰিছিল এই পোষ্টটো। তেওঁ ক’লে যে অভিযুক্ত ধৰ্মেন্দ্ৰ ভাৰতীক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা অব্যাহত। লগতে পাষ্টপোৰ্ট বাতিল আৰু ইণ্টাৰপলৰ জাননী প্ৰেৰণ কৰা হৈছে।

গোৰখপুৰ আৰক্ষীয়ে টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক লৈ আপত্তিজনক মন্তব্য কৰাক লৈ অভিযোগ উত্থাপন হৈছিল। আৰক্ষীয়ে অভিযোগৰ ভিত্তিত গৌলাৰ পৰা পীৰ মহম্মদ আৰু ধৰ্মেন্দ্ৰ ভাৰতীৰ বিৰুদ্ধে IPCৰ ধাৰা 503, 505, 65/66 আইটি এক্টৰ আধাৰত গোচৰ ৰুজু কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে পীৰ মহম্মদক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্তৰ পৰা এটা মোবাইলো জব্দ কৰে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি