উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে Network18ৰ এমডি আৰু গ্ৰুপ এডিটৰ ইন চীফ ৰাহুল যোশীৰ সৈতে বিশেষ সাক্ষাৎকাৰত (Exclusive Interview CM Yogi Adityanath) উত্তৰ প্ৰদেশ নিৰ্বাচনক লৈ নিজৰ বক্তব্য প্ৰকাশ কৰে। তেওঁ উত্তৰ প্ৰদেশত ৩০০ আসনৰ সংখ্যা পাৰ কৰাক লৈ কৰা প্ৰশ্নৰ উত্তৰত কয় যে বিজেপিয়ে এইবাৰ যিকোনো প্ৰকাৰে ৩০০ৰ লক্ষ্য পাৰ কৰিব।
লগতে যোগী আদিত্যনাথে কয় যে ২০১৪ৰ লোকসভা নিৰ্বাচনত ভাতৃ–ভগ্নীৰ (ৰাহুল গান্ধী–প্ৰিয়ংকা গান্ধী) যুটী আহিছিল। ইয়াৰ পিছত ২০১৭ৰ বিধানসভা নিৰ্বাচনত দুই যুৱকৰ (ৰাহুল গান্ধী আৰু অখিলেশ যাদৱ) যুটীয়ে শক্তি দেখুৱালে। ইমানে নহয়, বিগত লোকসভা নিৰ্বাচনতো মহাজোঁটবন্ধন হৈছিল, য’ত সমাজবাদী পাৰ্টী, বহুজন সমাজবাদী পাৰ্টী, কংগ্ৰেছ আৰু লোকদল অন্তৰ্ভুক্ত আছিল। কিন্তু বিজেপিৰ ওপৰত কোনো প্ৰভাৱ নপৰিল। ইমানেই নহয়, এই মহাজোঁটবন্ধনৰ পিছতো বিজেপিয়ে ৬৪খন আসন লাভ কৰি প্ৰথম স্থানত আছিল। বহুজন সমাজবাদী পাৰ্টীয়ে ১০খন আসন, সমাজবাদী পাৰ্টীয়ে পাঁচখন আসন আৰু কংগ্ৰেছে এখন আসন পাইছিল।
লগতে যোগী আদিত্যনাথে ৰাহুল যোশীক কয় যে এই নিৰ্বাচনতো বিজেপিয়ে পূৰ্বৰ দৰেই সংখ্যাগৰিষ্ঠতা লাভ কৰিব। আমি ৩০০ আসনৰ সংখ্যা অতিক্ৰম কৰিম। ছাৰ্ভে, অপিনিয়ন প’ল আৰু এগজিট প’লে কি কৈছে, তাক লৈ মূৰ ঘমাবলৈ নাই। লগতে তেওঁ কয় যে জনতাই সমাজবাদী পাৰ্টীৰ জোঁটবন্ধনক প্ৰত্যাখান কৰিলে।
যোগী আদিত্যনাথে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। বিগত ৭ বছৰত বিজেপি চৰকাৰে পূৰ্বৰ তুলনাত বহু উন্নতি কৰিছে। লগতে উত্তৰ প্ৰদেশক লৈ যোগী আদিত্যনাথে কয় যে ৰাজ্যত এতিয়া নিৰাপত্তা ব্যৱস্থা মজবুত। বিনিয়োগ, ৰোজগাৰ, অন্নদাতাৰ ঋণ মাফসহ প্ৰধানমন্ত্ৰী সন্মান নিধিৰ দৰে বহু কাম কৰিছে। কৃষকে বৰ্তমান এমএছপিতকৈ ডেৰ গুণ অধিক লাভ কৰিছে। মহিলাসকলে ডাবল ইঞ্জিন চৰকাৰৰ পৰা আটাইতকৈ অধিক লাভান্বিত হৈছে। উত্তৰ প্ৰদেশত সকলো সুৰক্ষিত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|