মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতক ১৩৫ কোটি টকাৰ পুঁজি দিয়াৰ ঘোষণা Googleৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইৰ

ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতক ১৩৫ কোটি টকাৰ পুঁজি দিয়াৰ ঘোষণা Googleৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইৰ

News18 Assam | News18-Assam
Updated:April 27, 2021, 11:04 AM IST
ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতক ১৩৫ কোটি টকাৰ পুঁজি দিয়াৰ ঘোষণা Googleৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইৰ
সুন্দৰ পিচাইৰ টুইট অনুসৰি, "ভাৰতত ক’ৰোনা সংকটৰ প্ৰতি লক্ষ্য ৰাখি গুগলে ১৩৫ কোটি টকাৰ পুঁজি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। পুঁজিবোৰ 'Give India' আৰু UNICEFৰ জৰিয়তে ভাৰতলৈ যাব।“

সুন্দৰ পিচাইৰ টুইট অনুসৰি, "ভাৰতত ক’ৰোনা সংকটৰ প্ৰতি লক্ষ্য ৰাখি গুগলে ১৩৫ কোটি টকাৰ পুঁজি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। পুঁজিবোৰ 'Give India' আৰু UNICEFৰ জৰিয়তে ভাৰতলৈ যাব।“

  • Share this:
ভাৰতত প্ৰতিদিনে বৰ্ধিত ক’ৰোনা ৰোগীৰ বাবে দেশখন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে। বহুতো বন্ধুত্বপূৰ্ণ দেশে সহায়ৰ হাত আগবঢ়াইছে আৰু এতিয়া গুগলে (Google) ভাৰতক সহায় কৰিবলৈ ১৩৫ কোটি টকাৰ পুঁজি (Funding) ঘোষণা কৰিছে। গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই (Sundar Pichai)য়ে নিজেই এই বিষয়ে টুইট কৰিছিল।
সুন্দৰ পিচাইৰ টুইট অনুসৰি, "ভাৰতত ক’ৰোনা সংকটৰ প্ৰতি লক্ষ্য ৰাখি গুগলে ১৩৫ কোটি টকাৰ পুঁজি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। পুঁজিবোৰ 'Give India' আৰু UNICEFৰ জৰিয়তে ভাৰতলৈ যাব।“

পিচাইৰ টুইটটোত এটা ব্লগৰ লিংক আছিল য'ত গুগলে অৱনতিশীল পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকৰ প্ৰচেষ্টাত সহায় কৰাৰ উপায়সমূহৰ বিতংভাৱে বিৱৰণ দিছিল। গুগলে ইতিমধ্যে ভাৰতক ইয়াৰ মূল তথ্য সামগ্ৰী যেনে Search আৰু Maps, Youtube আৰু বিজ্ঞাপনত সহায় কৰি আছে। অনুসন্ধানৰ ওপৰত ক’ভিড সুবিধাবোৰ ভাৰতত, ইংৰাজী আৰু আঠটা ভাৰতীয় ভাষাত উপলব্ধ, যি স্থানীয়কৰণ উন্নত কৰা আৰু কৰ্তৃত্বশীল তথ্যৰ ওপৰত আলোকপাত কৰা অব্যাহত ৰাখে।

Give Indiaক প্ৰদান কৰা পুঁজিয়ে ক’ৰনাৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হোৱা লোকসকলক বিত্তীয় সাহায্য প্ৰদান কৰিব যাতে তেওঁলোকে তেওঁলোকৰ দৈনন্দিন ব্যয় বহন কৰিব পাৰে। তাৰ পিছত, UNICEFৰ জৰিয়তে অক্সিজেন আৰু পৰীক্ষাৰ সঁজুলিসহ অন্যান্য চিকিৎসা সামগ্ৰী প্ৰদান কৰা হ'ব। গুগলৰ কৰ্মচাৰীসকলেও ভাৰতলৈ অনুদান সংগ্ৰহৰ বাবে প্ৰচাৰ চলাই আছে। এতিয়ালৈকে ৯০০ গৰাকী গুগল কৰ্মীয়ে ৩.৭ কোটি টকাৰ পুঁজি সংগ্ৰহ কৰিছে।

Google Indiaৰ দেশৰ মুৰব্বী সঞ্জয় গুপ্তাই এটা ব্লগ পোষ্টত কৈছিল যে সংকটৰ সময়ত কোম্পানীটোৱে ভাৰতৰ স্থানীয় চৰকাৰৰ সৈতে তেওঁলোকক সমৰ্থন কৰিবলৈ কাম কৰিব। দেওবাৰে ভাৰতত ৩.৫ লাখতকৈও অধিক লোক নতুনকৈ ক'ৰোনাত আক্ৰান্ত  হৈছে। এইবোৰ এতিয়ালৈকে এদিনৰ ভিতৰত এখন দেশত সৰ্বাধিক সংখ্যক ঘটনাৰ ৰেকৰ্ড। ইফালে, ২৮০০ৰো অধিক ৰোগীৰ ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে। এয়া ভাৰতত সৰ্বাধিক সংখ্যক ক’ৰোনা মৃত্যুৰ ঘটনা।
Published by: Kokil Sarma
First published: April 27, 2021, 11:04 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি