Google Pay-ত নতুন ফীচাৰ, এতিয়া নিজৰ চেহেৰা দেখুৱাই ট্ৰান্সফাৰ কৰিব পাৰিব টকা

ইয়াৰ আগতে গুগল পে’ত টকা ট্ৰান্সফাৰ কৰিবলৈ PIN দিবলগীয়া হৈছিল এতিয়া নতুন আপডেটৰ পিছত ইয়াত পৰিৱৰ্তন হৈছে আৰু এই পৰিৱৰ্তনৰ সৈতে কেনেকৈ কাম কৰিব সেয়া জানক।

News18-Assam
Updated:October 30, 2019, 2:55 PM IST
Google Pay-ত নতুন ফীচাৰ, এতিয়া নিজৰ চেহেৰা দেখুৱাই ট্ৰান্সফাৰ কৰিব পাৰিব টকা
ইয়াৰ আগতে গুগল পে’ত টকা ট্ৰান্সফাৰ কৰিবলৈ PIN দিবলগীয়া হৈছিল এতিয়া নতুন আপডেটৰ পিছত ইয়াত পৰিৱৰ্তন হৈছে আৰু এই পৰিৱৰ্তনৰ সৈতে কেনেকৈ কাম কৰিব সেয়া জানক।
News18-Assam
Updated: October 30, 2019, 2:55 PM IST
গুগল পে’ (google pay) ব্যৱহাৰ কৰাসকললৈ ভাল খবৰ। এতিয়া গুগলে নিজৰ এই ডিজিটেল ৱালেট প্লেটফৰ্মত (digital wallet platform) বায়’মেট্ৰিক অথেনটিকেশ্যন (biometric authentication) ফীচাৰ সংলগ্ন কৰিছে। দৰাচলতে গুগলে এণ্ড্ৰ’ইড 10ৰ সৈতে বায়’মেট্ৰিক ছিকিউৰিটী আগবঢ়াইছিল আৰু এতিয়া ইয়াক অনলাইন পেমেণ্ট চিষ্টেম Google Payৰ কাৰণে ৰোলআউট কৰা হৈচে। ইয়াৰ আগতে ট্ৰানজেকশ্যনছৰ কাৰণে গুগল পে’ত ইউজাৰ্ছে PIN দিবলগীয়া হৈছিল কিন্তু এতিয়া নতুন আপডেটৰ পিছত ইয়াত সাল সলনি কৰা হৈছে।

গুগলে এতিয়া ইয়াত biometric API চাপ’ৰ্ট দিছে য’ত ‍ব্যৱহাৰকাৰীয়ে টকা ট্ৰান্সফাৰ কৰিবলৈ ফিংগাৰপ্ৰিণ্ট (fingerprint authentication) আৰু ফেচ অথেনটিকেশ্যন (face authentication) ব্যৱহাৰ কৰিব পাৰিব। এই নতুন ফীচাৰে PINতকৈ অধিক গতিৰে কাম কৰিব।

এণ্ড্ৰইড চেণ্ট্ৰেলৰ প্ৰতিবেদন অনুসৰি সদ্যহতে এই ফীচাৰ এণ্ড্ৰইড 10 ব্যৱহাৰ কৰাসকলৰ ফোনতহে উপলব্ধ হ’ব। কিন্তু এণ্ড্ৰইড পুলিচৰ প্ৰতিবেদনত কোৱা হৈছে যে ইয়াক অতি শীঘ্ৰে এণ্ড্ৰইড 9ৰ কাৰণেও আৰম্ভ কৰা হ’ব। 

ইউজাৰে এই নতুন অপশ্যন এপত থকা Sending Money চেকশ্যনৰ তলত পাব। ইউজাৰে PINৰ সহায়ত বায়’মেট্ৰিক বা দুয়োটাৰ মাজত অপশ্যন বাচনি কৰিব পাৰিব। ইয়াৰ জৰিয়তে টকা ট্ৰান্সফাৰ প্ৰচেচ ছিকিউৰড হৈ থাকিব। অৱশ্যে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব যে biometric ছিকিউৰিটী ফীচাৰ কেৱল টকা ট্ৰান্সফাৰ কৰিবলৈ দিয়া হৈছে। যিকোনো ষ্টৰত NFC পেমেণ্টত এই সুবিধাই কাম নকৰে। ইয়াৰ কাৰণে ইউজাৰে ফোন আনলক কৰিব লাগিব। এই নতুন ফীচাৰক ২.১০০ ভাৰ্চনৰ সৈতে ৰোল আউট কৰা হৈছে। 

উল্লেখযোগ্য যে, Google Payক ২০১৮চনত ৰি–ব্ৰেণ্ড কৰি লন্স কৰা হৈছিল। এয়া UPIৰ ওপৰত আধাৰিত Tez এপক আপগ্ৰেড কৰি আগবঢ়োৱা হৈছিল। বৰ্তমান ভাৰতত এই এপৰ 67 মিলিয়ন সক্ৰিয় ইউজাৰ আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি