ৰাজ্যসভাৰ সাংসদ বিজেপিৰ সুশীল মোদীয়ে কেন্দ্ৰক অনুৰোধ কৰিছে , অষ্ট্ৰেলিয়াৰ নিউজ মিডিয়াই যেনেদৰে Google Facebook YouTube ৰ দৰে tech giants বোৰক নিউজ মিডিয়াবোৰৰ সৈতে Ad revenue শ্বেয়াৰ কৰিবলৈ মান্তি কৰাইছে তেনেধৰণৰ এখন আইন ভাৰততো যাতে প্ৰণয়ন কৰে।
তেওঁ কয় যে ,'দেশৰ মিডিয়া কোম্পানীবোৰে সাম্প্ৰদায়িক পৰিস্থিতিত যথেষ্ট আৰ্থিক সংকটত ভুগিছে। আগতে মহামাৰীৰ কাৰণে আৰু এতিয়া google, Facebook, YouTube ৰ দৰে giant tech বোৰৰ কাৰণে।'
তেওঁ উল্লেখ কৰে যে মিডিয়া কোম্পানী বোৰে নিজৰ এংকৰ , সাংবাদিক তথা তলতীয়া কৰ্মচাৰী বোৰৰ লগত এক বুজন পৰিমাণৰ অৰ্থ বিনিয়োগ কৰিবলগীয়া হয় যিটো আহে বিজ্ঞাপনবোৰৰপৰা যিবোৰ বিজ্ঞাপন এতিয়া লৈ লৈছে tech giants বোৰে ।
মোডীয়ে এইক্ষেত্ৰত ভাৰত চৰকাৰক অষ্ট্ৰেলিয়া ক অনুসৰণ কৰিবলৈ আহ্বান জনায়। যোৱা সপ্তাহ ত অষ্ট্ৰেলিয়াৰ পাৰ্লিয়ামেন্টে আইন প্ৰণয়নৰ দ্বাৰা Google ক নিউজ মিডিয়াৰ লগত ad revenue শ্বেয়াৰ কৰিবলৈ বাধ্য কৰাইছে।
তেওঁ ভাৰত চৰকাৰক অষ্ট্ৰেলিয়া ৰ দৰে intermediary guideline আৰু digital media ethics code 2021অনুসৰি জাননী জাৰি কৰিবলৈ টানি অনুৰোধ জনায়। ভাৰত চৰকাৰেও যাতে এনে আইন প্ৰণয়ন কৰে যত google, Facebook ,YouTube আদিয়ে নিজাকৈ বাতৰি দি উপাৰ্জন কৰা লাভালাভ মিডিয়া কোম্পানী বোৰৰ লগত সঠিকভাৱে শ্বেয়াৰ হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|