গুগলে আজি ভাৰতৰ ৭৬ তম স্বাধীনতা দিৱস উপলক্ষে এক বিশেষ ডুডল সৃষ্টি কৰিছে। এই ডুডলত উচ্চতা স্পৰ্শ কৰা চিলাবোৰ উৰি থকা দেখা গৈছে যি দেশৰ স্বাধীনতাৰ ৭৬ বছৰৰ দীঘলীয়া সময়ৰ প্ৰতীক
গুগলে আজি ভাৰতৰ ৭৬ তম স্বাধীনতা দিৱস উপলক্ষে এক বিশেষ ডুডল সৃষ্টি কৰিছে। এই ডুডলত উচ্চতা স্পৰ্শ কৰা চিলাবোৰ উৰি থকা দেখা গৈছে যি দেশৰ স্বাধীনতাৰ ৭৬ বছৰৰ দীঘলীয়া সময়ৰ প্ৰতীক
গুগলে আজি ভাৰতৰ ৭৬ তম স্বাধীনতা দিৱস উপলক্ষে এক বিশেষ ডুডল সৃষ্টি কৰিছে। এই ডুডলত উচ্চতা স্পৰ্শ কৰা চিলাবোৰ উৰি থকা দেখা গৈছে যি দেশৰ স্বাধীনতাৰ ৭৬ বছৰৰ দীঘলীয়া সময়ৰ প্ৰতীক। জানিব পৰা মতে, কেৰালাৰ অতিথি শিল্পী নীতিয়ে গুগলৰ বাবে এই ডুডলটো সৃষ্টি কৰিছে। আজি ভাৰতে ইয়াৰ ৭৬ তম স্বাধীনতা দিৱস উদযাপন কৰিছে। ১৯৪৭ চনৰ আজিৰ দিনটোতে প্ৰায় দুশ বছৰৰ ব্ৰিটিছ শাসনৰ সমাপ্তি ঘটে আৰু ভাৰত আনুষ্ঠানিকভাৱে এখন গণতান্ত্ৰিক দেশত পৰিণত হয়। ডুডলত ভাৰতৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা দিয়ে গুগলে।
এই ডুডলটো তৈয়াৰ কৰাৰ আঁৰৰ ধাৰণাটোৰ বিষয়ে শিল্পী নীতিয়ে কয় যে, ভাৰতীয় লোকসকলৰ আটাইতকৈ প্ৰিয় স্মৃতিবোৰৰ ভিতৰত চিলা উৰোৱা ভাৰতীয় স্বাধীনতা দিৱস উদযাপনৰ এটা বহু পুৰণি পৰম্পৰা তথা অবিচ্ছেদ্য অংশ হৈ আহিছে। তেওঁ লগতে কয় যে, ডুডল শিল্পকৰ্মত চিলাৰ সৈতে সম্পৰ্কিত সংস্কৃতিক দৰ্শোৱা হৈছে- উজ্জ্বল ধুনীয়া চিলা তৈয়াৰ কৰা কাৰুশিল্পৰ পৰা এটা সম্প্ৰদায়ৰ সৈতে হোৱা মনোৰম অভিজ্ঞতালৈকে সকলো এই ডুডলটোত দেখুওৱা হৈছে। উৰণীয়া চিলাৰ আলোকিত আকাশৰ বিশাল বিস্তাৰ ভাৰতীয়ৰ দ্বাৰা প্ৰাপ্ত কৰা মহান উচ্চতাৰ এক ৰঙীন প্ৰতীক। জিআইএফ এনিমেছনে ইয়াত গতিশীলতা যোগ কৰে আৰু ডুডলটো জীৱন্ত কৰে বুলিও তেওঁ জনায়। উল্লেখযোগ্য যে, ভাৰতীয় বিপ্লৱীসকলে এবাৰ ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিবলৈ শ্ল'গানেৰে চিলা উৰুৱাইছিল। তেতিয়াৰ পৰা, মনোৰঞ্জনমূলক আৰু প্ৰতিযোগিতামূলক চিলা উৰোৱা স্বাধীনতা দিৱসৰ আটাইতকৈ জনপ্ৰিয় পৰম্পৰা হিচাপে পৰিণত হৈছে।
নীতিৰ অনুসৰি, চিলা শৈল্পিক অভিব্যক্তিৰ বাবে এটা আউটলেট হয় আৰু সেইবোৰৰ বহুতে আধুনিক আৰ্হিৰ লগতে সামাজিক বাৰ্তা প্ৰদান কৰে। তেখেতে লগতে কয় যে, ভাৰতৰ ৰাষ্ট্ৰীয় ৰং, প্ৰেমৰ বাৰ্তা আৰু ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে তেওঁ চিলাৰে চিত্ৰ নিৰ্মাণ কৰিছে। আকাশচুম্বী অট্টালিকা আৰু চৰাইৰ লগতে তেওঁ বিশ্বাস কৰিব বিচাৰ যে উৰণীয়া চিলাবোৰে সূৰ্যৰ সমানে ওপৰলৈ উৰি আছে।