‘ভেকচিন কেতিয়া আহে ঠিক নাই কিন্তু লেকাম ঢিলাই দিলে নহ’ব’, ৰাজ্যসমূহৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক নৰেন্দ্ৰ মোদীৰ।
মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক নৰেন্দ্ৰ মোদীৰ।
- News18 Assam
- Last Updated: November 24, 2020, 4:51 PM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে পৰিস্থিতিক আশ্বস্ত কৰি কয় যে, অন্য দেশৰ তুলনাত সুস্থতাৰ হাৰ বাঢ়িছে কিন্তু সতৰ্কতা থাকিব লাগিবই। "ভেকচিন কেতিয়া আহিব সেয়া বিজ্ঞানীসকলে ঠিক কৰিব। কিমান ভেকচিন লাগিব, কোনটো ড’জ কাৰ্যকৰী হ’ব তাক লৈও গৱেষণা চলি আছে। এইক্ষেত্ৰত ঢাপে ঢাপে আগবাঢ়িব লাগিব। আমি ভাৰতীয় উৎপাদক, আন্তঃৰাষ্ট্ৰীয় নিয়ামক সংস্থা, আন্তঃৰাষ্ট্ৰীয় গৱেষণা সংস্থাৰ সৈতে যোগাযোগ কৰিছো।"
তেওঁ লগতে কয়, ভেকচিন আহিলেই নহয়, সকলোৱে যেন পায় তালৈ চকু দিব লাগিব। প্ৰধানমন্ত্ৰীৰ মতে, ইমান ডাঙৰ টিকাকৰণ অভিযান দীঘলীয়া সময় চলিব গতিকে বিবাদ পাহৰি দলগত ভাৱে একেলগে কাম নকৰিলে টিকাকৰণ অভিযান সফল নহয়। তাৰ মাজতে তেওঁ কয় যে, ভাৰতে যি ভেকচিন দিব সেয়া সমগ্ৰ বৈজ্ঞানিক পৰীক্ষা–নিৰীক্ষাৰ পিছত সিদ্ধান্ত লৈহে দিব।
Interaction with Chief Ministers on COVID-19. https://t.co/lw3b6vQwRc
— Narendra Modi (@narendramodi) November 24, 2020
উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এই ভিডিঅ' কনফাৰেন্সত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে অংশগ্ৰহণ কৰে।