ভাৰতত বিদ্যালয়লৈ নোযোৱা ছোৱালীৰ অনুপাত ২০২২ চনত সৰ্বকালৰ নিম্নতম ২ শতাংশলৈ হ্ৰাস পাইছে। বুধবাৰে মুকলি কৰা শিক্ষাৰ বাৰ্ষিক স্থিতি প্ৰতিবেদন (এএছইআৰ) ২০২২-ত এই তথ্য প্ৰদান কৰা হৈছে। প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে সামগ্ৰিকভাৱে হ্ৰাস হোৱা স্বত্বেও, তিনিখন ৰাজ্যমধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু ছত্তীশগড়ৰ ১০ শতাংশতকৈও অধিক ছোৱালীয়ে বিদ্যালয়ত উপস্থিত হোৱা নাই যিটো চিন্তাৰ বিষয়। বিদ্যালয়ৰ বাহিৰত থকা ছোৱালীৰ সামগ্ৰিক অনুপাত আছিল ২০১৮ চনত ৪.১ শতাংশ আৰু ২০০৬ চনত ১০.৩ শতাংশ।
শেহতীয়া অধ্যয়নটোত গ্ৰাম্য ভাৰতৰ মুঠ ১৯,০৬০খন গাঁৱৰ ওপৰত জৰীপ কৰা হৈছিল, যাৰ ভিতৰত আছে ৩-১৬ বছৰ বয়সৰ ৩,৭৪,৫৪৪ টা পৰিয়াল আৰু ৬,৯৯,৫৯৭ টা শিশু। প্ৰতিবেদন অনুসৰি, মহামাৰীৰ সময়ত দীঘলীয়া সময়ৰ বাবে বন্ধ থকা স্বত্বেও, বিদ্যালয়ত নামভৰ্তি ৯৮ শতাংশতকৈ ওপৰৰ অভিলেখ উচ্চতাত উপনীত হৈছিল। এই সময়ছোৱাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰা শিশুৰ সংখ্যা বৃদ্ধি, প্ৰতিবেদনত কোৱা হৈছে।
ইয়াত কোৱা হৈছে, "যোৱা ১৫ বছৰ ধৰি ৬ৰ পৰা ১৪ বছৰ বয়সৰ বাবে নামভৰ্তিৰ হাৰ ৯৫ শতাংশৰ ওপৰত আছে। মহামাৰীৰ সময়ত বিদ্যালয় বন্ধ হোৱা স্বত্বেও, এই পৰিসংখ্যাবোৰ ২০১৭ চনত ৯৭.২ শতাংশৰ পৰা ২০২২ চনত ৯৮.৪ শতাংশলৈ বৃদ্ধি হৈছে।"
প্ৰতিবেদন অনুসৰি, সকলো শ্ৰেণীৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ শিকাৰ ক্ষমতা ২০১২ চনৰ পূৰ্বৰ স্তৰলৈ হ্ৰাস পাইছে, আনহাতে মৌলিক গণিতৰ দক্ষতা ২০১৮ ৰ স্তৰলৈ হ্ৰাস পাইছে।
ইয়াৰ দ্বাৰা বুজিব পাৰি যে বেছিভাগ ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহে ল'ৰা আৰু ছোৱালী দুয়োৰে বাবে হ্ৰাস দেখিব পাৰে। প্ৰতিবেদন অনুসৰি, কেৰালা, হিমাচল প্ৰদেশ আৰু হাৰিয়ানাৰ দৰে ৰাজ্যত শিকাৰ ক্ষমতা সৰ্বাধিক হ্ৰাস হোৱা দেখা গৈছে। আনহাতে তামিলনাডু, মিজোৰাম আৰু হাৰিয়ানাত গণিতৰ দক্ষতা হ্ৰাস হোৱা দেখা গৈছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 19, 2023, 04:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।