ভাৰাঘৰত থাকে নে কি? বাজেটত আপোনাৰ কাৰণে আছে এই ভাল খবৰ

ঘৰৰ মালিকে ইচ্ছামতে ভাৰা বৃদ্ধি কৰিব নোৱাৰিব, ভাৰাতীয়াক অত্যাধিক বাধা–নিষেধ আৰোপ কৰি হাৰাশাস্তি কৰিব নোৱাৰিব।

News18
Updated:July 5, 2019, 1:02 PM IST
ভাৰাঘৰত থাকে নে কি? বাজেটত আপোনাৰ কাৰণে আছে এই ভাল খবৰ
ঘৰৰ মালিকে ইচ্ছামতে ভাৰা বৃদ্ধি কৰিব নোৱাৰিব, ভাৰাতীয়াক অত্যাধিক বাধা–নিষেধ আৰোপ কৰি হাৰাশাস্তি কৰিব নোৱাৰিব।
News18
Updated: July 5, 2019, 1:02 PM IST
কেন্দ্ৰীয় বাজেট ২০১৯ত উত্থাপন কৰা নতুন নিয়মৰ জৰিয়তে ঘৰৰ মালিক আৰু ভাৰাতীয়াৰ সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰা হৈছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছে যে শীঘ্ৰেই ঘৰৰ মালিক আৰু ভাৰাতীয়াৰ মাজৰ বিবাদ নিষ্পত্তি কৰিবলৈ এক নতুন আইন বা ৰেগুলেশ্যন অনা হ’ব। এই নতুন আইনৰ জৰিয়তে ঘৰৰ মালিকে মনৰ ইচ্ছা অনুসৰি ভাৰা বৃদ্ধি, অত্যাধিক বাধা–নিষেধ আৰোপ আৰু ভাৰাতীয়াক অন্য ধৰণে অশান্তি দিব নোৱাৰিব। এই আইত ঘৰৰ মালিকৰ অধিকাৰৰ প্ৰতিও দৃষ্টি ৰখাৰ আশ্বাস দিয়া হৈছে।

নতুন ঘৰ নিৰ্মাণ কৰিব চৰকাৰে

নিৰ্মলা সীতাৰমণে বাজেটত ঘোষণা কৰিছে যে চৰকাৰে শীঘ্ৰেই সাধাৰণ নাগৰিকৰ কাৰণে ১.৯৪কোটি ঘৰ নিৰ্মাণ কৰিব। ১১৪দিনৰ ভিতৰত এই ঘৰ নিৰ্মাণ কৰা হ’ব। ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰিছিল যে দেশৰ যুৱচাম, মহিলাসকলে মোদী চৰকাৰৰ ভাল কামত অভিভূত হৈ ভোট দিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি