• Home
  • »
  • News
  • »
  • nation
  • »
  • চাকৰি কৰাসকলৰ বাবে ডাঙৰ খবৰ, নতুন বছৰত মোদী চৰকাৰৰ উপহাৰ!

চাকৰি কৰাসকলৰ বাবে ডাঙৰ খবৰ, নতুন বছৰত মোদী চৰকাৰৰ উপহাৰ!

Photo : Livemint

Photo : Livemint

শ্ৰম মন্ত্ৰণালয়ে এইক্ষেত্ৰত এখন আইন প্ৰণয়ন কৰাটো বিচাৰিছে। যাতে সকলো ব্যক্তিগত খণ্ডত কাম কৰা কৰ্মচাৰীয়ে ইয়াৰ সুবিধা লাভ কৰে।

  • Share this:
নতুন বছৰত চৰকাৰে পুৰুষ কৰ্মচাৰীসকলক দিব পাৰে ডাঙৰ উপহাৰ। CNBC আৱাজৰ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, শ্ৰম মন্ত্ৰণালয়ে পিতৃত্বকালীন ছুটীক লৈ পৃথকভাৱে নেচনেল পলিচী তৈয়াৰ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। এইক্ষেত্ৰত ডিপাৰ্টমেণ্ট অৱ পাৰ্ছনেল এণ্ড ট্ৰেইনিং আৰু ইণ্ডাষ্ট্ৰীৰ সৈতে আলোচনা কৰা হৈছে। সূত্ৰ অনুসৰি, পৰৱৰ্তী সময়ত চৰকাৰৰ সৈতে ইণ্ডাষ্ট্ৰী আৰু ট্ৰেড ইউনিয়নৰ ত্ৰিপাক্ষিক বৈঠকত অনুষ্ঠিত হ’ব আৰু ইয়াৰ ৰূপৰেখাৰ ওপৰত আলোচনা কৰা হ’ব।

উল্লেখযোগ্য যে বৰ্তমান দেশত পিতৃত্বকালীন ছুটীৰ ক্ষেত্ৰত কোনো নেচনেল পলিচী নাই। এতিয়া কেন্দ্ৰীয় কৰ্মচাৰীসকলক ১৫ দিনৰ পিতৃত্বকালীন ছুটীৰ নিয়ম আছে। একাংশ ব্যক্তিগত কোম্পানীয়ে কৰ্মচাৰীক ১৫ দিনৰ পেইড লিভ প্ৰদান কৰি আহিছে। অৱশ্যে একাংশ কোম্পানীয়ে ইয়াতকৈ কম দিনৰ ছুটী প্ৰদান কৰে। অধিকাংশ ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে পুৰুষ কৰ্মচাৰীক এই সুবিধা প্ৰদান নকৰে।

সেইবাবে শ্ৰম মন্ত্ৰণালয়ে এইক্ষেত্ৰত এখন আইন প্ৰণয়ন কৰাটো বিচাৰিছে। যাতে সকলো ব্যক্তিগত খণ্ডত কাম কৰা কৰ্মচাৰীয়ে ইয়াৰ সুবিধা লাভ কৰে। ইয়াৰ লগতে ১৫ দিনৰ সীমা বৃদ্ধি কৰাৰো পোষকতা কৰিছে চৰকাৰে। লগতে চৰকাৰে পুৰুষ আৰু মহিলা কৰ্মচাৰীৰ ছুটীৰ ব্যৱধান হ্ৰাস কৰাৰো প্ৰস্তুতি চলাইছে, যাতে ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে মহিলা কৰ্মচাৰীসকলক নিয়োগৰ ক্ষেত্ৰত উৎসাহ লাভ কৰে।
Published by:Sanjay Kumar Das
First published: