ঘৰ কিনিব বিচৰাসকলৰ বাবে সুখবৰ, বাজেটে দিছে এই সুযোগ

নতুন ঘৰ ক্ৰয় কৰোতে লাভ কৰিব চাৰে তিনি লাখ টকা পৰ্যন্ত কৰৰ ৰেহাই। 

News18
Updated:July 5, 2019, 2:46 PM IST
ঘৰ কিনিব বিচৰাসকলৰ বাবে সুখবৰ, বাজেটে দিছে এই সুযোগ
নতুন ঘৰ ক্ৰয় কৰোতে লাভ কৰিব চাৰে তিনি লাখ টকা পৰ্যন্ত কৰৰ ৰেহাই। 
News18
Updated: July 5, 2019, 2:46 PM IST
সাধাৰণ বাজেটত চৰকাৰে মধ্যবিত্তীয় লোকসকলক বৃহৎ সকাহ দিছে। আপোনাৰ ঘৰ ক্ৰয় কৰাৰ সপোন পূৰণ কৰাৰ সুযোগ দিছে চৰকাৰে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত ঘোষণা কৰে যে ঘৰ ক্ৰয় কৰিব বিচৰা সকলে এতিয়া চাৰে তিনি লাখ টকা পৰ্যন্ত কৰৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব।

ৰেহাইৰ সম্পূৰ্ণ অংক

যদি আপুনি ৪৫লাখ টকা পৰ্যন্ত মূল্যৰ ঘৰ ক্ৰয় কৰিছে তেনেহ’লে চৰকাৰে হোম লোনৰ ক্ষেত্ৰত চাৰে তিনি টকা পৰ্যন্ত ৰেহাই দিব। আগতে নতুন ঘৰ কিনিবলৈ মোদী চৰকাৰে ঋণৰ ক্ষেত্ৰত দুই লাখ পৰ্যন্ত ৰেহাই প্ৰদান কৰিছিল। কিন্তু এতিয়া ডেৰ লাখ অধিক ইয়াত সংযোজন কৰিছে। অৰ্থাৎ এতিয়া আপুনি নিজে বিনিয়োগ কৰি প্ৰতিটো ক্ৰয়সাধ্য ঘৰৰ ওপৰত চাৰে তিনি লাখ টকা পৰ্যন্ত হোম লোন ৰেহাই পাব পাৰে। এই চৰকাৰী আঁচনি ৩১মাৰ্চ ২০২০লৈ প্ৰযোজ্য।

বিত্ত মন্ত্ৰীগৰাকীৰ মতে ১৫বছৰৰ ঋণৰ সময়সীমাত ক্ৰেতাৰ এতিয়া ৭লাখ টকা পৰ্যন্ত লাভ হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি