কৰ্মচাৰীৰ বাবে ভাল খবৰ! দুগুণ হ'ব আপোনাৰ দৰমহা! জানি লওক সবিশেষ

News18 Assam | News18-Assam
Updated:February 19, 2021, 4:35 PM IST
কৰ্মচাৰীৰ বাবে ভাল খবৰ! দুগুণ হ'ব আপোনাৰ দৰমহা! জানি লওক সবিশেষ
Deloitte Touche Tohmatsu India LLP ( DTTILLP)ৰ দ্বাৰা ২০২১ চনৰ কৰ্মশক্তি আৰু বেতন বৃদ্ধি ট্ৰেণ্ড জৰীপৰ প্ৰথম পৰ্যায় অনুসৰি  চলিত বছৰত ৪.৪ শতাংশতকৈ অধিক হ'ব গড় বেতন বৃদ্ধি। 

Deloitte Touche Tohmatsu India LLP ( DTTILLP)ৰ দ্বাৰা ২০২১ চনৰ কৰ্মশক্তি আৰু বেতন বৃদ্ধি ট্ৰেণ্ড জৰীপৰ প্ৰথম পৰ্যায় অনুসৰি  চলিত বছৰত ৪.৪ শতাংশতকৈ অধিক হ'ব গড় বেতন বৃদ্ধি। 

  • Share this:
আপুনি ব্যক্তিগত খণ্ড বা ৰাজহুৱা খণ্ডৰ কৰ্মচাৰী নেকি? এই বছৰতে বাম্পাৰ বেতন বৃদ্ধি হ'ব আপোনাৰ | এক জৰীপত প্ৰকাশিত তথ্য অনুসৰি দুটা সংখ্যাযুক্ত বেতন বৃদ্ধি পাব আপোনাৰ।

Deloitte Touche Tohmatsu India LLP,  চমুকৈ ( DTTILLP)ৰ দ্বাৰা ২০২১ চনৰ কৰ্মশক্তি আৰু বেতন বৃদ্ধি ট্ৰেণ্ড জৰীপৰ প্ৰথম পৰ্যায় অনুসৰি চলিত বছৰত ৪.৪ শতাংশতকৈ অধিক হ'ব গড় বেতন বৃদ্ধি। যদিও ২০১৯ত কোম্পানীবোৰে দিয়া ৮.৬ শতাংশ বেতন বৃদ্ধিৰ পৰিমাণতকৈ কম হ'ব এইবাৰৰ পৰিমাণ।

বিগত বৰ্ষৰ ৬০ শতাংশ কোম্পানীৰ তুলনাত চলিত বৰ্ষৰ এই জৰীপত ৯২ শতাংশ কোম্পানীয়ে অংশগ্ৰহণ কৰিছে, যিয়ে কৰ্মচাৰীৰ বেতন বৃদ্ধিৰ পৰিকল্পনা কৰিছে । ২০২০ চনৰ ডিচেম্বৰত B2B India Specific Surveyৰ অংশ হিচাপে এই জৰীপ আৰম্ভ কৰা হৈছিল। যিয়ে সাতটা খণ্ড আৰু ২৫ টা উপ-খণ্ডৰ প্ৰায় ৪০০টা কোম্পানীক সামৰি লৈছিল।

ভাৰতীয় কোম্পানীবোৰৰ গড় বেতন বৃদ্ধি ২০২১ চনত ৪.৪ শতাংশৰ পৰা ৭.৩ শতাংশলৈ বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। লগতে এই জৰীপত কোৱা হৈছে, আশা কৰা অৰ্থনৈতিক পুনৰুদ্ধাৰ, ব্যৱসায় আৰু উপভোক্তাৰ আত্মবিশ্বাস পুনৰুজ্জীৱিত হোৱাকৈ এই বৃদ্ধি অধিক হোৱা পৰিলক্ষিত হৈছে।'

ইফালে ২০২০ চনত বেতন বৃদ্ধি কৰা ৬০ শতাংশ কোম্পানীৰ ভিতৰত এক তৃতীয়াংশই অফ-চাইকেল বৃদ্ধিৰ জৰিয়তে এয়া সম্ভৱ কৰি তুলিছে। ২০২০ চনত বেতন বৃদ্ধি নকৰা কোম্পানীসমূহৰ ভিচৰত ৩০ শতাংশই উচ্চ বেতন বৃদ্ধি অথবা বোনাচৰ মাধ্যমেৰে কৰ্মচাৰীসকলক ক্ষতিপূৰণ প্ৰদানৰ পৰিকল্পনা কৰিছে।

জৰীপ অনুসৰি, জীৱন বিজ্ঞান আৰু তথ্য প্ৰযুক্তি খণ্ডবোৰত সৰ্বাধিক বেতন বৃদ্ধি কৰাৰ আশা কৰা হৈছে। আনহাতে উৎপাদন আৰু সেৱা খণ্ডবোৰে তুলনামূলকভাৱে কম দৰমহা বৃদ্ধি কৰাৰ আশা কৰা হৈছে।

"কেৱল ডিজিটেল আৰু ই-কমাৰ্চ কোম্পানীবোৰে ২০২১ চনত দুগুণ বেতন বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। বিপৰীতে হস্পিটেলিটী, ৰিয়েল ইষ্টেট, আন্তঃগাঁথনি আৰু নৱীকৰণযোগ্য শক্তি কোম্পানীত বৃদ্ধি সৰ্বনিম্ন হোৱাৰ সম্ভাৱনা আছে।'
Published by: Himangshu Bhuyan
First published: February 19, 2021, 4:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি