7th pay commission:এইসকল কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ বৃদ্ধি, ২০১৬চনৰ পৰা পাব বকেয়া

7th pay commission latest Update: প্ৰতিবেদানত কোৱা হৈছে যে ২০১৬চনৰ পৰা সপ্তম দৰমহা আয়োগ বলৱৎ হ’ব আৰু এৰিয়াৰ চলিত মাহতে লাভ কৰিব। 

News18
Updated:July 9, 2019, 12:56 PM IST
7th pay commission:এইসকল কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ বৃদ্ধি, ২০১৬চনৰ পৰা পাব বকেয়া
7th pay commission latest Update: প্ৰতিবেদানত কোৱা হৈছে যে ২০১৬চনৰ পৰা সপ্তম দৰমহা আয়োগ বলৱৎ হ’ব আৰু এৰিয়াৰ চলিত মাহতে লাভ কৰিব। 
News18
Updated: July 9, 2019, 12:56 PM IST
7th pay commission latest news: জুলাই মাহত সাইবাবা সংস্থানৰ কৰ্মচাৰীৰ বাবে আছে বৃহৎ সুখবৰ। সাই বাবা সংস্থানে নিজৰ কৰ্মচাৰীসকলক সপ্তম দৰমহা আয়োগ অনুসৰি দৰমহা দিবলৈ আগবাঢ়িছে। ট্ৰাষ্টে যোৱা মাহত এই কথা ঘোষণা কৰে। এই অনুসৰি কৰ্মচাৰীসকলে জানুৱাৰী, ২০১৬চনৰ পৰা এৰিয়াৰো লাভ কৰিব। ট্ৰাষ্টে এই কথা ঘোষণা কৰিছে যে সকলো কৰ্মচাৰীয়ে সপ্তম দৰমহা আয়োগ অনুসৰি দৰমহা প্ৰদান কৰা হ’ব।

সাইবাবা সংস্থান ট্ৰাষ্টৰ প্ৰৱক্তাৰ মতে ট্ৰাষ্টে ১ জানুৱাৰী, ২০১৬চনৰ পৰা পূৰ্ণ ৰূপত এই সিদ্ধান্ত বলৱৎ কৰাৰ নিৰ্ণয় লয়। কৰ্মচাৰীসকলে এই মাহতে এৰিয়াৰ নগদ ধনত লাভ কৰিব।

বাজেটত কোনো ঘোষণা নাই

আনহাতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত সপ্তম দৰমহা আয়োগ প্ৰসংগত কোনো ঘোষণা নাই। সপ্তম দৰমহা আয়োগৰ প্ৰস্তাৱত কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবীক লৈও কোনো ঘোষণা কৰা হোৱা নাই। সাধাৰণ বাজেট ২০১৯তো সপ্তম দৰমহা আয়োগক লৈ কোনো ঘোষণা কৰা হোৱা নাই।

চৰকাৰী কৰ্মচাৰীসকলৰ মনতো আশা

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আশা কৰিছে তেওঁলোকৰ দীঘলীয়া সময়ৰ পৰা পূৰণ নোহোৱা দাবীসমূহক লৈ চৰকাৰে শীঘ্ৰেই ইতিবাচক ঘোষণা কৰিব। দৰাচলতে কৰ্মচাৰীসকলে দাবী কৰিছিল যে নূন্যতম বেতন আৰু ফিটমেণ্ট ফেক্টৰৰ বৃদ্ধি কৰিব লাগে। কৰ্মচাৰী ফিটমেণ্ট ফেক্টৰৰ ৩.৬৮ গুণ বৃদ্ধি কৰিব লাগে।

ইয়াৰ মাজতে সাইবাবা সংস্থানৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগ অনুসৰি বেতন লাভ কৰিব গতিকে নিশ্চিতভাৱে এয়া তেওঁলোকৰ বাবে ভাল খবৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি