কোটি কোটি কৰ্মচাৰীৰ বাবে মোদী চৰকাৰে বিশেষ ঘোষণা কৰাৰ দিশে আগবাঢ়িছে। জানিব পৰা মতে, ১ অক্টোবৰৰ পৰা কেন্দ্ৰৰ মোদী চৰকাৰে লেবাৰ কোডৰ নিয়ম কাৰ্যক্ষেত্ৰত ৰূপায়ন কৰিব পাৰে।
মিডিয়া ৰিপৰ্টছ মতে, চৰকাৰে ১ জুলাইৰ পৰাই লেবাৰ কোডৰ নিয়ম আৰম্ভ কৰাৰ কথা আছিল। কিন্তু ৰাজ্য চৰকাৰসমূহ প্ৰস্তুত নোহাৱাৰ বাবে এতিয়া ১ অক্টোবৰৰ পৰা কাৰ্যক্ষেত্ৰত ৰূপায়ন হোৱাৰ সম্ভাৱনা আছে। লেবাৰ কোডৰ নিয়ম অনুসৰি, ১ অক্টোবৰৰ পৰা কৰ্মচাৰীৰ বেচিক চেলাৰী ১৫ হাজাৰৰ পৰা বাঢ়ি ২১,০০০ হোৱাৰ সম্ভাৱনা আছে।
দৰমহাত হ'ব পৰিৱৰ্তনঃ
দৰাচলতে, লেবাৰ কোডৰ নিয়মক লৈ লেবাৰ ইউনিয়নে দাবী কৰি আছিল যে, কৰ্মচাৰীৰ নূন্যতম বেচিক চেলাৰী ১৫ হাজাৰৰ পৰা বঢ়াই ২১ হাজাৰ টকা কৰিব লাগে। যদি এয়া কাৰ্যক্ষেত্ৰত ৰূপায়িত হয়, তেন্তে দৰমহা বাঢ়িব কৰ্মচাৰীৰ। নতুন ড্ৰাফট ৰোলচ অনুসৰি, মূল বেতন সৰ্বমুঠ বেতনৰ ৫০ শতাংশ বা তাতকৈ অধিক হ'ব লাগে।
বেচিক চেলাৰী বঢ়াৰ লগে লগে গ্ৰেচুইটী আৰু পিএফৰ বাবে কৰ্তন কৰিব লগীয়া টকাৰ পৰিমাণ বাঢ়ি যাব। কাৰণ ইয়াৰ টকাৰ অনুপাত বেচিক চেলাৰীৰ হিচাপত হয়। যদি এনে হয় তেন্তে আপুনি হাতত পাবলগীয়া টকাৰ পৰিমাণ কমি যাব কিন্তু ৰিটায়াৰমেণ্টৰ পিছত লাভ কৰিবলগীয়া গ্ৰেচুইটী আৰু পিএফৰ টকাৰ পৰিমাণ বাঢ়ি যাব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : July 20, 2021, 14:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|