চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! চলিত মাহৰ পৰা বাঢ়িব দৰমহা, লগতে অন্যান্য সা-সুবিধা

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:19 PM IST
চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! চলিত মাহৰ পৰা বাঢ়িব দৰমহা, লগতে অন্যান্য সা-সুবিধা
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ। বৃদ্ধি হ’ব চৰকাৰী চাকৰিয়ালসকলৰ ডিয়াৰনেছ এলাৱেঞ্চ।

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ। বৃদ্ধি হ’ব চৰকাৰী চাকৰিয়ালসকলৰ ডিয়াৰনেছ এলাৱেঞ্চ।

  • Share this:
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ। বৃদ্ধি হ’ব চৰকাৰী চাকৰিয়ালসকলৰ ডিয়াৰনেছ এলাৱেঞ্চ। ত্ৰিপুৰা চৰকাৰে ২০২১ চনৰ ১ মাৰ্চৰ পৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডিয়াৰনেছ এলাৱেঞ্চ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। টুইটযোগে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে কয়, 'ৰাজ্যিক কেবিনেটে চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে ডিয়াৰনেছ এলাৱেঞ্চ ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।'

উল্লেখযোগ্য যে, চৰকাৰৰ এই সিদ্ধান্তৰ ফলত ৰাজ্যখনত ১ লাখ চৰকাৰী কৰ্মচাৰী আৰু ৬০,০০০ পেঞ্চনাৰক পোনপটীয়াকৈ উপকৃত কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ই ৰাজ্যত ১.৯০ লাখ পৰিয়ালক আৰ্থিকভাৱে উপকৃত কৰিব।

শেহতীয়াকৈ ত্ৰিপুৰা চৰকাৰে অতিৰিক্ত ৩২৯ কোটি টকা খৰচৰ সিদ্ধান্ত লৈছে। ত্ৰিপুৰাৰ আইন মন্ত্ৰী ৰতন লাল নাথে কৈছিল যে, 'ৰাজ্য চৰকাৰে ২০২১-২২ বিত্তীয় বৰ্ষত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বৰ্ধিত ডিয়াৰনেছ এলাৱেঞ্চৰ বাবে মুঠ ৩২০ কোটি টকা ব্যয় কৰিব। ৰাজ্য চৰকাৰে জনোৱা মতে, ডিয়াৰনেছ এলাৱেঞ্চ বৃদ্ধি ২০২১ চনৰ ১ মাৰ্চৰ পৰা কাৰ্যকৰী হ'ব। তেওঁ লগতে কয়, ইয়াৰ ফলত ১.১ লাখ বিদ্যমান কৰ্মচাৰী, ৬০,০০০ পেঞ্চনাৰ আৰু ১২ হাজাৰ দিন হাজিৰা  কৰি খোৱা লোক উপকৃত হ'ব। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৰ ভিত্তিত ডিয়াৰনেছ এলাৱেঞ্চ আৰু ডিয়াৰনেছ ৰিলিফ বৃদ্ধি কৰা হৈছে।'

ৰাজ্যখনত বিপ্লৱ কুমাৰ দেৱৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ আগৰ চৰকাৰখনক সমালোচনা কৰি ৰতন লাল নাথে কয় যে, 'আগৰ বাওঁপন্থী চৰকাৰে আমাৰ চৰকাৰৰ ওপৰত এক বৃহৎ বিত্তীয় বোজা এৰি থৈ গৈছিল। যাৰ ফলত আমি বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে।'

তেওঁ কয় যে, '২০১৮ চনত বিজেপি-আইপিএফটি চৰকাৰ গঠন কৰাৰ পিছত প্ৰথমবাৰৰ ডিয়াৰনেছ এলাৱেঞ্চ আৰু ডিয়াৰনেছ ৰিলিফ বৃদ্ধি ঘোষণা কৰা হৈছে। ক্ষমতালৈ অহাৰ পিছত, আমি সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৰ ভিত্তিত চৰকাৰী শিক্ষক আৰু কৰ্মচাৰীসকলৰ বেতন নিৰিখ সংশোধন কৰিছো। ই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক যথেষ্ট অৰ্থনৈতিক সকাহ প্ৰদান কৰিছে।'
Published by: Himangshu Bhuyan
First published: March 1, 2021, 2:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি