চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে ভালখবৰ! বাঢ়িব দৰমহা লগতে লাভ কৰিব অন্যান্য বহু সুবিধা

News18 Assam | News18-Assam
Updated:January 25, 2021, 8:55 AM IST
চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে ভালখবৰ! বাঢ়িব দৰমহা লগতে লাভ কৰিব অন্যান্য বহু সুবিধা
Source-Google

ইয়াৰ ফলত লাভৱান হ’ব ৪৮.৩৪ লাখ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু ৬৫.২৬ লাখ পেঞ্চনভোগী

  • Share this:
চৰকাৰী কৰ্মচাৰী বাবে আহিছে এক ভালখবৰ!  অহা এপ্ৰিল মাহৰ পৰা বৃদ্ধি পাব পাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ। ৰিপ’ৰ্টত আৰু জনোৱা হৈছে যে, কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলে ডি এ লাভ কৰিবলৈ জুনলৈ হয়তো অপেক্ষা কৰিব নালাগিব পাৰে. শীঘ্ৰে ৪ শতাংশ ডি এ বৃদ্ধিৰ সম্ভাৱনা আছে। উল্লেখ্য যে, সপ্তম দৰমহা আয়োগৰ হিচাপত বৃদ্ধি পাব পাৰে ডিএ।

২০২০ৰ মাৰ্চত মন্ত্ৰীসভাৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ শতাংশ ডি এ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। বৰ্তমান বেছিক পে’ বা পেনচনৰ ১৭ শতাংশ ডি এ হিচাপে দিয়া হয়। এই ১৭ শতাংশত আৰু ৪ শতাংশ ডি এ দিয়াৰ ঘোষণা হৈছিল। ফলত ১৭ শতাংশৰ পৰা ডি এ বৃদ্ধি হৈ ২১ শতাংশ হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ ফলত লাভৱান হ’ব ৪৮.৩৪ লাখ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু ৬৫.২৬ লাখ পেঞ্চনভোগী। ইয়াৰ বাবে অতিৰিক্ত ১৪,৫৯৫ কোটি টকা খৰচ হ’ব।
Published by: Himangshu Bhuyan
First published: January 25, 2021, 8:55 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি