চৰকাৰী কৰ্মচাৰীৰ বাবে আন এক ভাল খবৰ! দীপাৱলীৰ পূৰ্বে বৃদ্ধি পাব দৰমহা

News18 Assam | News18-Assam
Updated:October 20, 2020, 11:59 AM IST
চৰকাৰী কৰ্মচাৰীৰ বাবে আন এক ভাল খবৰ! দীপাৱলীৰ পূৰ্বে বৃদ্ধি পাব দৰমহা
বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ১৭ শতাংশ হাৰত লাভ কৰে মৰগীয়া বানচ।

বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ১৭ শতাংশ হাৰত লাভ কৰে মৰগীয়া বানচ।

  • Share this:
কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে আন এক সুখবৰ। দীপাৱলীৰ পূৰ্বে বৃদ্ধি কৰা হ’ব এই কৰ্মচাৰীসকলৰ মৰগীয়া বানচ। কোভিড পৰিস্থিতিৰ মাজতে মৰগীয়া বানচ বৃদ্ধিৰে দৰমহা বৃদ্ধিৰ পৰিকল্পনা সাজু কৰিছে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰে সলনি কৰিব কনজিউমাৰ প্রাইচ ইনডেস্ক (চি পি আই)–ইণ্ডাষ্ট্রিয়েল ৱর্কার্ছৰ (আই ডব্লিউ) ভিত্তিবর্ষ। এই ভিত্তিবর্ষ সলনি কৰিলে ৪৫ লাখতকৈও অধিক কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী, পেন্সনাৰ আৰু ঔদ্যোগিক কর্মীৰ বৃদ্ধি পাব দৰমহা৷

এই ভিত্তিবৰ্ষ ২০০১ৰ পৰা ২০১৬ কৰা হ’ব। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ১৭ শতাংশ হাৰত লাভ কৰে মৰগীয়া বানচ। চিপিআইৰ ভিত্তিবৰ্ষ বৃদ্ধি কৰিলে মৰগীয়া বানচৰ পৰিমাণ বৃদ্ধি পাব। বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা।
Published by: Sanjay Kumar Das
First published: October 20, 2020, 11:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি