চৰকাৰী বেংক কৰ্মচাৰীসকলৰ কাৰণে টকাৰ বৰষুণ কৰিব পাৰে বাজেটৰ এই নতুন আঁচনিয়ে!

News18 Assam | News18-Assam
Updated:January 31, 2020, 6:00 PM IST
চৰকাৰী বেংক কৰ্মচাৰীসকলৰ কাৰণে টকাৰ বৰষুণ কৰিব পাৰে বাজেটৰ এই নতুন আঁচনিয়ে!
বেংকৰ প্ৰতিটো স্তৰৰ কৰ্মচাৰীৰ কাৰণে ই–ছপ (ESOPs) প্ৰদান কৰি মালিকীস্বত্ব প্ৰদান কৰাৰ পোষকতা কৰিছে আৰ্থিক সমীক্ষাত। এই সমীক্ষাত কোৱা হৈছে যে চৰকাৰে বেংক কৰ্মচাৰীসকলকো নিজৰ অংশীদাৰ কৰিব লাগে। সহজ ভাষাত বেংকৰ প্ৰতিটো স্তৰৰ কৰ্মচাৰীসকলক কোনো (ESOPs) প্ৰদান কৰি মালিকীস্বত্ব প্ৰদান কৰিব লাগে।

  • Share this:
সংসদত উত্থাপন কৰা আৰ্থিক সমীক্ষা ২০১৯–২০ত চৰকাৰী বেংকৰ কৰ্মচাৰীৰ কাৰণে এটা ডাঙৰ সুখবৰ সন্মুখলৈ আহিছে। সমীক্ষাত পৰামৰ্শ হিচাপে কোৱা হৈছে যে চৰকাৰে বেংক কৰ্মচাৰীসকলকো নিজৰ অংশীদাৰিত্ব প্ৰদান কৰিব লাগে। সহজ ভাষাত ক’বলৈ গ’লে বেংকৰ প্ৰতিটো স্তৰৰ কৰ্মচাৰীক কোনো ই–ছপ (ESOPs)ৰ মালিকানা স্বত্ব প্ৰদান কৰিব লাগে। এই ESOPs বোৰ কৰ্মচাৰীৰ প্ৰদৰ্শনৰ ভিত্তিত প্ৰদান কৰিব লাগে। ইয়াৰ দ্বাৰা বেংকৰ যথেষ্ট লাভ হ’ব কাৰণে বেংকৰ মাৰ্কেট ভেল্যু বৃদ্ধি পালে তেওঁলোকৰ শ্বেয়াৰৰ দামো বৃদ্ধি হ’ব। ইয়াৰ জৰিয়তে তেওঁলোকৰ ৱেলছ ক্ৰিয়েশ্যনৰ ক্ষেত্ৰতো লাভ উঠাব পৰা যাব। পোনে–পোনে লাভ হ’ব বেংকৰ। লগতে বেংক কৰ্মচাৰীসকলে কাম–কাজৰ ক্ষেত্ৰতো ইতিবাচক পৰিৱৰ্তন হ’ব।

ESOPs কি?- এম্পলয়ি ষ্টক অপশ্যন প্লান (ইএছঅ’পি) কৰ্মচাৰীৰ হিতৰ কাৰণে প্ৰস্তুত কৰা এক আঁচনি। এই আঁচনিৰ অধীনত কৰ্মচাৰীসকলে কোম্পানীৰ শ্বেয়াৰৰ অংশীদাৰ হ’ব পাৰে। অন্য আঁচনিৰ তুলনাত ইএছঅ’পি কৰ্মচাৰীসকলে অধিক লাভদায়ক। কৰ্মচাৰীসকলক কোম্পানীৰ সৈতে জৰিত কৰি ৰাখিবলৈ ভাৰত তথা বিদেশৰ বহু কোম্পানীয়ে এই প্লেন গ্ৰহণ কৰে। আইটি কোম্পানীত এই আঁচনি অধিক প্ৰচলিত।

বিদেশত ইএছঅপিত থকা অ’ৰ অৰ্থ মালিকানা স্বৰ্ত হয়। অৰ্থাৎ প্ৰম’টাৰৰ অবিহনে কোনো শুল্ক নিদিয়াকৈ কৰ্মচাৰী শ্বেয়াৰৰ মালিক হৈ পৰে। ভাৰতত কোম্পানীৰ খৰছ বৃদ্ধি নকৰাকৈ কৰ্মচাৰীসকলক উন্নত প্ৰদৰ্শনৰ কাৰণে অনুপ্ৰাণিত কৰিবলৈ তথা তেওঁলোকক কোম্পানীৰ সৈতে জৰিত কৰিবলৈ ইএছঅ’পি আঁচনিৰ ব্যৱহাৰ কৰা হয়।

সংসদত উত্থাপন কৰা ইক’নমিক সমীক্ষা মতে বিত্ত বৰ্ষ ২০২০ৰ দ্বিতীয় ছমাহত দেশৰ অৰ্থব্যৱস্থাই ছন্দ ঘুৰাই পাব। ইয়াৰ বাহিৰে বিত্তীয় বৰ্ষ ২০২১লৈ বিত্তীয় স্থিতি মজবুত হোৱাৰ আশা কৰা হৈছে। আৰ্থিক সমীক্ষাত কোৱা হৈছে যে জুলাই–ছেপ্তেম্বৰত জিডিপি গ্ৰ’থ ৪.৫আছিল আৰু ২০১৩চনৰ পিছত এয়া সৰ্বনিম্ন।
আৰু চাওক
পৰৱৰ্তী বাতৰি