• Home
  • »
  • News
  • »
  • nation
  • »
  • ভাল খবৰ! কৃষকৰ একাউণ্টত ৬০০০ৰ সলনি আহিব ৩৬০০০ টকা, জানক কেনেকৈ পাব এই সুবিধা

ভাল খবৰ! কৃষকৰ একাউণ্টত ৬০০০ৰ সলনি আহিব ৩৬০০০ টকা, জানক কেনেকৈ পাব এই সুবিধা

যিসকল কৃষকে পিএম কিষাণ সন্মান নিধিৰ সুবিধা লাভ কৰিছে তেওঁলোকে বছৰি ৩৬০০০ টকাৰ সুবিধা লাভ কৰিব পাৰে।

যিসকল কৃষকে পিএম কিষাণ সন্মান নিধিৰ সুবিধা লাভ কৰিছে তেওঁলোকে বছৰি ৩৬০০০ টকাৰ সুবিধা লাভ কৰিব পাৰে।

যিসকল কৃষকে পিএম কিষাণ সন্মান নিধিৰ সুবিধা লাভ কৰিছে তেওঁলোকে বছৰি ৩৬০০০ টকাৰ সুবিধা লাভ কৰিব পাৰে।

  • Share this:
যদি আপুনি কৃষক তেন্তে আপোনাৰ বাবে ভাল খবৰ। আপুনি লাভ কৰিব ৩৬০০০ টকাৰ সুবিধা। আচলতে মোদী চৰকাৰে (Modi government) কৃষকৰ আয় (farmers income) বৃদ্ধিৰ উদ্দেশ্যৰে কেইবাখনো আঁচনি (Kisan Scheme) আৰম্ভ কৰিছে। আমি ক’ব বিচাৰিছো পিএম কিষাণ সন্মান নিধি (PM Kisan Samman Nidhi)ৰ কথা। এই আঁচনি চৰকাৰৰ এনেকুৱা এখন আঁচনি য’ত কৃষকৰ একাউণ্টলৈ পোনে পোনে ধন প্ৰেৰণ কৰা হয়। প্ৰতিজন কৃষকৰ একাউণ্টত বছৰি ৬০০০ টকা ট্ৰান্সফাৰ কৰা হয়। চৰকাৰে এই ধন তিনিটা কিস্তিত প্ৰদান কৰে। অৰ্থাৎ এটা কিস্তিত ২০০০ টকাকৈ প্ৰদান কৰে কৃষকক।

যিসকল কৃষকে পিএম কিষাণ সন্মান নিধিৰ সুবিধা লাভ কৰিছে তেওঁলোকে বছৰি ৩৬০০০ টকাৰ সুবিধা লাভ কৰিব পাৰে। অৰ্থাৎ আপুনি ৩ মাহত ২০০০ টকা পায় আৰু এই আঁচনিৰ জৰিয়তে আপুনি প্ৰতিমাহে ৩০০০ টকাকৈ পাব পাৰে।

কেনেকৈ পাব ৩৬,০০০

PM kisan Man dhan Yojnaৰ জৰিয়তে কৃষকক পেঞ্চন প্ৰদান কৰা হয়। এই আঁচনিৰ জৰিয়তে কৃষকৰ বয়স ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত মাহিলি ৩০০০ টকা পেঞ্চন (Kisan pension)  লাভ কৰে। এই আঁচনিৰ সুবিধা ল’বলৈ কোনো ধৰণৰ নথি–পত্ৰৰ প্ৰয়োজন নহয়।

জানক কেনেকৈ পাব এই সুবিধা

১ – এই আঁচনিৰ সুবিধা ১৮ৰ পৰা ৪০ বছৰৰ সকলো কৃষকে লাভ কৰিব।

২ – ইয়াৰ বাবে কৃষকৰ হাতত থাকিব লাগিব সৰ্বাধিক ২ হেক্টৰ খেতিৰ বাবে যোগ্য ভূমি।

৩ – এই আঁচনিৰ জৰিয়তে ন্যূনতম ২০ বছৰ আৰু সৰ্বাধিক ৪০ বছৰলৈ ৫৫ টকাৰ পৰা ২০০ টকালৈ মাহিলি ধন জমা কৰিব লাগিব। এয়া কৃষকৰ বয়সৰ হিচাপত নিৰ্ধাৰণ হ’ব।

৪ – ১৮ বছৰ বয়সৰ কৃষকে মাহিলি ৫৫ টকা দিব লাগিব।

৫ – যদি ৩০ বছৰ বয়সত এই আঁচনিৰ সৈতে যুক্ত হয় তেন্তে ১১০ টকাকৈ জমা কৰিব লাগিব।

৬ – যদি আপোনাৰ বয়স ৪০ বছৰ তেন্তে মাহিলি ২০০ টকাকৈ জমা কৰিব লাগিব।

উল্লেখযোগ্য যে যদি আপুনি পিএম কিষাণ সন্মান নিধিৰ সুবিধা পাইছে তেন্তে সেই ধন আপুনি পিএম কিষাণ মানধন যোজনাত কটাব পাৰে।

মোদী চৰকাৰে ২৪ ফেব্ৰুৱাৰী ২০১৯ত PM kisan Samman Nidhi Yojna আৰম্ভ কৰিছিল। এই আঁচনিৰ জৰিয়তে চৰকাৰে কৃষকক প্ৰতি বছৰে ৬০০০ টকাকৈ তিনিটা কিস্তিত প্ৰদান কৰে। প্ৰথম কিস্তি ১ ডিচেম্বৰৰ পৰা ৩১ মাৰ্চৰ ভিতৰত আহে। দ্বিতীয় কিস্তি ১ এপ্ৰিলৰ পৰা ৩১ জুলাইলৈ আৰু তৃতীয় কিস্তি ১ আগষ্টৰ পৰা ৩০ নৱেম্বৰলৈ কৃষকৰ একাউণ্টলৈ পোনপটীয়াভাৱে ট্ৰান্সফাৰ কৰা হয়।
Published by:Sanjay Kumar Das
First published: