Gold Price Today: আজি দাম কমিল সোণৰ, সামান্য বাঢ়িল ৰূপৰ দাম, ফটাফট চাওক নতুন ৰেট

আজি সোণৰ মূল্যত সামান্য কম হোৱা দেখাৰ বিপৰীতে ৰূপৰ দাম ৪৩টকা বঢ়া দেখা যায়।
আজি সোণৰ মূল্যত সামান্য কম হোৱা দেখাৰ বিপৰীতে ৰূপৰ দাম ৪৩টকা বঢ়া দেখা যায়।
- News18 Assam
- Last Updated: January 25, 2021, 8:52 PM IST
সোণৰ নতুন দাম (Gold Price, 25 January 2021)
দিল্লীৰ সোণ–ৰূপৰ বজাৰত সোমবাৰে গল্ডৰ মূল্য প্ৰতি দহ গ্ৰামত ১৪১টকা হ্ৰাস পায়। ৰাজধানী দিল্লীত (Delhi) ৯৯.৯ গ্ৰাম বিশুদ্ধতাৰ সোণৰ নতুন মূল্য ৪৮,৫০৯টকা প্ৰতি দহ গ্ৰামত আছিল। ইয়াৰ পূৰ্বে ব্যৱসায়িক সত্ৰ সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৪৮,৬৫০টকাত বন্ধ হৈছিল। আনহাতে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য হ্ৰাস পাই প্ৰতি আউন্সত ১,৮৫৩.২৬ডলাৰ হয়।
ৰূপৰ মূল্য সোমবাৰে সামান্য বঢ়া দেখা যায়। দিল্লীৰ সোণ–ৰূপৰ বজাৰত আজি ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৪৩টকা বাঢ়ে। এতিয়া ৰূপৰ দাম ৬৬,০১৯ টকা প্ৰতি কিলোগ্ৰাম হয়গৈ। আন্তঃৰাষ্ট্ৰীয় বজাৰত (International Market) আজি ৰূপৰ মূল্য কালিৰ স্তৰত ২৫.৫৫ডলাৰ প্ৰতি আউন্স আছিল।