নতুন দিল্লীঃ সোমবাৰে সোণৰ দাম (Gold prices Today) হ্ৰাস পোৱা দেখিবলৈ পোৱা যায়। মাল্টি কম’ডিটি এক্সচেঞ্জত (MCX) আজি পুৱা সোণৰ ফেব্ৰুৱাৰীৰ ফিউচাৰ ট্ৰেড ৪০টকা হ্ৰাস পাই ৪৮,৬৮৫টকাৰ স্তৰত ট্ৰেড কৰি আছিল। আনহাতে ৰূপৰ মূল্য ইয়াৰ বিপৰীতে বৃদ্ধি পোৱা দেখা যায়। মাৰ্চৰ ফিউচাৰ ট্ৰেড ২৬০টকা বাঢ়ি ৬৫,০২৪টকা স্তৰত অহা দেখা যায়। জানক দেশৰ ৰাজধানীত সোণ–ৰূপৰ মূল্য আজি কিমান–
দিল্লীত ১৮জানুৱাৰী ২০২১ৰ গ’ল্ড–ছিলভাৰৰ ৰেট–
২২ কেৰেট গ’ল্ড–৪৮১৩০ টকা
২৪ কেৰেট গ’ল্ড–৫১৫০০টকা
ৰূপৰ মূল্য–৬৫০০০টকা
ইয়াৰ বাহিৰে ইণ্টাৰনেচনেল মাৰ্কেটত সোণৰ মূল্য বঢ়া দেখা গৈছে। উল্লেখ্য যে এইবছৰ সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৬০,০০০টকা পাৰ কৰাৰ সম্ভাৱনা আছে। আন কথাত ক’বলৈ গ’লে প্ৰতি দহ গ্ৰামত যদি ৫০হাজাৰ টকাৰ তলত সোণ ক্ৰয় কৰে তেনেহ’লে এই বিনিয়োগে লাভ দিব পাৰে।
বিশেষজ্ঞৰ মতে ভেকচিন অহাৰ পিছত সোণৰ দাম হ্ৰাস পোৱা দেখা গৈছে কাৰণ ইয়াৰ আগতে কোৰোণাকালীন সময়ত অনিশ্চিত আৰ্থিক পৰিস্থিতিৰ কাৰণে মানুহে সোণত যথেষ্ট বিনিয়োগ কৰা দেখা গৈছিল যাৰ কাৰণে সোণৰ দাম হোৰা–হোৰে বাঢ়িছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|