সুখবৰ! ৩দিনৰ পিছত দাম কমিল সোণ–ৰূপৰ, জানো আহক আজিৰ মূল্য

উৎসৱৰ বতৰত কিছু ভাল খবৰ।

News18-Assam
Updated:September 26, 2019, 7:26 PM IST
সুখবৰ! ৩দিনৰ পিছত দাম কমিল সোণ–ৰূপৰ, জানো আহক আজিৰ মূল্য
উৎসৱৰ বতৰত কিছু ভাল খবৰ।
News18-Assam
Updated: September 26, 2019, 7:26 PM IST
একেৰাহে তিনিদিন বৃদ্ধি পোৱা সোণৰ মূল্য বৃহস্পতিবাৰে কিছু থমকি ৰয়। দিল্লীৰ কেন্দ্ৰীয় বজাৰত ১০গ্ৰাম সোণৰ মূল্য ৪৯৭টকা হ্ৰাস পায়। একেদৰে ৰূপৰ মূল্য কিলোগ্ৰামত ১,৫৮০টকা কম হয়। বিশেষজ্ঞৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগৰ পিছত আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্যৰ কিছু পৰিৱৰ্তন দেখা গৈছে। নতুন মূল্য অনুসৰি বৃহস্পতিবাৰে দিল্লীত সোণৰ মূল্য ৪৯৭টকা হ্ৰাস পাই প্ৰতি ১০গ্ৰামত ৩৮,৬৮৫টকা হোৱা দেখা যায় আনহাতে দিল্লীত এক কিলোগ্ৰাম ৰূপৰ মূল্য ৪৮,৮১৫টকাৰ পৰা হ্ৰাস পাই ৪৭,২৩৫টকা হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি