আৰু কমিছে সোণৰ দাম, বিগত ৫ মাহৰ ভিতৰত আটাইতকৈ কম দাম সোণৰ

ভেকচিন অহাৰ সম্ভাৱনা আছে বুলি জানিয়ে সকলোৱে সোণৰ পৰা টকা তুলি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছে।
ভেকচিন অহাৰ সম্ভাৱনা আছে বুলি জানিয়ে সকলোৱে সোণৰ পৰা টকা তুলি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছে।
- News18 Assam
- Last Updated: December 1, 2020, 1:35 PM IST
দেশত কোৰোণা ভেকচিন অহাৰ সম্ভাৱনা আছে! এই খবৰ অহাৰ পিছতে দেশৰ আৰ্থিক অৱস্থা বহুখিনি উন্নত হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত সোণৰ দামত নিম্নগামী হোৱা দেখা গৈছে। সোমবাৰে বিগত ৫ মাহৰ তুলনাত সোণৰ দাম আটাইতকৈ কম হৈছে। কোৰোণাৰ সময়ত যি আৰ্থিক অনিশ্চয়তা দেখা গৈছিল তাৰ ফলত মানুহে সোণত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছিল। এতিয়া সোণৰ পৰা টকা তুলি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছে। ইয়াৰ ফলত সোণৰ দাম বহুখিনি কমি গৈছে।
ভেকচিন অহাৰ সম্ভাৱনাৰ ফলত বিশ্বজুৰি শ্বেয়াৰ বজাৰ লাহে লাহে উন্নত হৈছে। সোমবাৰে সোণৰ দাম ০.৮ শতাংশ কমি ১৭৭৪.০১ ডলাৰ প্ৰতি আউন্স হৈছে। ২ জুলাইৰ (১৭৬৪.২৯ ডলাৰ প্ৰতি আউন্স)ৰ পিছত সোমবাৰে সোণৰ দাম আছিল আটাইতকৈ কম।
বজাৰ বিশেষজ্ঞসকলৰ মতে, ভেকচিন অহাৰ পিছত শ্বেয়াৰ বজাৰ আৰু অধিক ঊৰ্ধ্বগামী হ’ব পাৰে। সেয়ে ভেকচিন অহাৰ সম্ভাৱনা আছে বুলি জানিয়ে সকলোৱে সোণৰ পৰা টকা তুলি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছে।
সোণৰ লগতে ৰূপৰ দামো ১.৬ শতাংশ নিম্নগামী হৈ ২২.৩৪ ডলাৰ প্ৰতি আউন্স হৈছে। প্লেটিনাম ১.৩ শতাংশ বৃদ্ধি হৈ ৯৭৫.৮৪ ডলাৰ হৈছে।