ভাৰতীয় বজাৰত সোণ–ৰূপৰ দাম হ্ৰাস পোৱাৰ বিপৰীতে গ্ল’বেল মাৰ্কেটত ইয়াৰ দাম বৃদ্ধি পাইছে।
ভাৰতীয় বজাৰত সোণ–ৰূপৰ দাম হ্ৰাস পোৱাৰ বিপৰীতে গ্ল’বেল মাৰ্কেটত ইয়াৰ দাম বৃদ্ধি পাইছে।
গ্ল’বেল মাৰ্কেটত উত্থান–পতনৰ ফলত হ্ৰাস পাইছে সোণ–ৰূপৰ দাম। মাল্টি কমডিটী এক্সচেঞ্জ (MCX)ত হালধীয়া ধাতুৰ দাম সামান্য হ্ৰাস পাইছে। এমচিএক্সত পুৱা ১.১০ বজাত সোণৰ দৰ ৮ টকা হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ৫১,৩৭১ টকা হৈছে। এই দাম ২৪ কেৰেট শুদ্ধতাৰ সোণৰ। ৰূপ দামো সলনি হৈছে আৰু এম চি এক্সত ৭৮ টকা হ্ৰাস পাই ৬৭,৬১৪ টকা প্ৰতি কিলোগ্ৰাম হৈছেগৈ।
ভাৰতীয় বজাৰত সোণ–ৰূপৰ দাম হ্ৰাস পোৱাৰ বিপৰীতে গ্ল’বেল মাৰ্কেটত ইয়াৰ দাম বৃদ্ধি পাইছে। নিউয়ৰ্কৰ বজাৰত সোণ ০.০৩১ শতাংশ বৃদ্ধি পাই ১,৯২২.২৯ ডলাৰ প্ৰতি আউন্সত বিক্ৰী হৈ আছে। সেইদৰে, ৰূপৰ দাম ০.১৬ শতাংশ বৃদ্ধি হৈ ২৪.৮৪ ডলাৰ প্ৰতি আউন্স উঠিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|