বিগত সপ্তাহত এক বৃহৎ হাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস পোৱাৰ পিছতেই পুনৰ ইয়াৰ মূল্য বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে । ভাৰতীয় বজাৰত আজি পুনৰ সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । আজি এমচিএক্স(MCX)ত সোণ মূল্য ০.১৬ শতাংশ বৃদ্ধি হৈ প্ৰতি ১০ গ্ৰামত হয়গৈ ৪৭,৬৭০ টকা । আনহাতে ৰূপৰ মূল্য ০.২৬ শতাংশ বৃদ্ধি হৈ প্ৰতি কিলোগ্ৰামত হয়গৈ ৭২,০০০ টকা ।
যদিহে আন্তৰ্জাতিক বজাৰলৈ চোৱা হয়, তেন্তে ইয়াত সোণৰ মূল্যই এক সমতল স্তৰত ব্যৱসায় কৰি থকাৰ লগতে প্ৰতি আউন্সত ১,৮১৫ ডলাৰত ব্যৱসায় কৰি থকা হৈছে ।
সোণৰ নতুন মূল্য (Gold Price, 07 May 2021) - শুক্ৰবাৰে মাল্টি কমোডিটি এক্সচেঞ্জত সোণৰ মূল্য ০.১৬ শতাংশ বৃদ্ধি হোৱাৰ ফলত ইয়াৰ প্ৰতি ১০ গ্ৰামৰ মূল্য হৈছে ৪৭,৬৭০ টকা । ইপিনে বৃহস্পতিৰৰ দিনটোতো সোণৰ মূল্য ০.২৩ শতাংশ বৃদ্ধি হোৱাৰ ফলত প্ৰতি ১০ গ্ৰামত ইয়াৰ মূল্য আছিল ৪৭,১০৮ টকা ।
ৰূপৰ নতুন মূল্য (Silver Price, 07 May 2021) - শুকুৰবাৰৰ দিনটোত সোণৰ লগতে ৰূপৰ মূল্যও বৃদ্ধি হোৱা পৰিলক্ষিত হয় । আজিৰ দিনটোত ৰূপৰ মূল্য ২,০০০ টকা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । এমচিএক্সত মে'ৰ ভৱিষ্যত ৰূপৰ মূল্য ০.২৬ শতাংশ বৃদ্ধি হৈ প্ৰতি কিলোগ্ৰামত ৭১,৮৬৯ টকা হৈছে । বিপৰীতে বৃহস্পতিবাৰৰ দিনটোত ৰূপৰ মূল্য আছিল প্ৰতি কিলোগ্ৰামত ৬৯,৮০৯ টকা।
কিয় বৃদ্ধি পাইছে সোণৰ মূল্য -
এইচডিএফচি চিকিউৰিটিজৰ জ্যেষ্ঠ বিশ্লেষক তপন পেটেলৰ মতে, ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস হোৱাৰ ফলত ভাৰতীয় বজাৰত সোণৰ মূল্য বৃদ্ধি পাইছে । আনহাতে কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱাৰ বাবে মানুহে পুনৰ সুৰক্ষিত বিনিয়োগৰ বিকল্পৰ দিশে গতি কৰিছে, যিয়ে সোণৰ মূল্য বৃদ্ধিত অৰিহণা যোগাইছে ।
এনেদৰে আপুনি সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰিব -
যদি আপুনি এতিয়া সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব বিচাৰে, তেন্তে ভাল খবৰ ৷ ইয়াৰ বাবে চৰকাৰে এটা নতুন এপৰ সৃষ্টি কৰিছে। “BIS Care App”ৰ মাধ্যমেৰে গ্ৰাহকসকলে সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰে। এই এপৰ দ্বাৰা কেৱল সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাই নহয়, ইয়াৰ সৈতে জড়িত যিকোনো অভিযোগ দাখিল কৰিব পাৰিব আপুনি । সামগ্ৰীৰ অনুজ্ঞাপত্ৰ, পঞ্জীয়ন আৰু হলমাৰ্ক নম্বৰ অশুদ্ধ বুলি জানিব পৰা মাত্ৰকে এই এপৰ জৰিয়তে আপুনি তৎক্ষণাৎ অভিযোগ দাখিল কৰিব পাৰিব ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|