হোৰাহোৰে বাঢ়িছে সোণৰ দাম, ৫০ হাজাৰ টকা হোৱাৰ দিশে এতোলা সোণৰ মূল্য

News18 Assam | News18-Assam
Updated:January 7, 2020, 12:53 PM IST
হোৰাহোৰে বাঢ়িছে সোণৰ দাম, ৫০ হাজাৰ টকা হোৱাৰ দিশে এতোলা সোণৰ মূল্য
Source-Google

বিগত বৰ্ষৰ জানুৱাৰীত ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য আছিল ৩২ হাজাৰ টকা। যোৱা ডিচেম্বৰ মাহত এই মূল্য বৃদ্ধি পাই হৈছিলগৈ ৩৮,৩০০ টকা।

  • Share this:
মাঘ মাহৰ পৰা আৰম্ভ হ’ব বিয়াৰ বতৰ। কিন্তু এইবাৰ সোণৰ আকাশলংঘী মূল্যই বাৰুকৈয়ে জলাকলা খুৱাব দৰা-কইনাৰ পৰিয়ালক। কাৰণ দ্ৰুতগতিত বৃদ্ধি হৈছে সোণৰ মূল্য। মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এতিয়া সোণ কিনাটো হৈ পৰিছে দুঃসাধ্য। গুৱাহাটীত আজি ২২ কেৰেটৰ সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৩৭,১৬০ টকা। আনহাতে, ২৪ কেৰেটৰ প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হৈছেগৈ ৩৯,৭৫০ টকা।

সেইদৰে, ৬ জানুৱাৰীৰ দিনটোত ২৪ কেৰেটৰ এতোলা সোণৰ মূল্য জিএছটিসহ আছিল ৪৯,২০০ টকা। আনহাতে, ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৬ জানুৱাৰীত আছিল জিএছটি বাদ দি ৪০,৭০০ টকা। ইণ্ডিয়া বুলিয়েন এণ্ড জুৱেলাৰ্ছ এছ’চিয়েচন লিমিটেডৰ অসমৰ ৰাজ্যিক সভাপতি প্ৰদীপ সৰকাৰে কয় যে বিগত বৰ্ষৰ জানুৱাৰীত ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য আছিল ৩২ হাজাৰ টকা। যোৱা ডিচেম্বৰ মাহত এই মূল্য বৃদ্ধি পাই হৈছিলগৈ ৩৮,৩০০ টকা। কিন্তু নতুন বছৰৰ প্ৰথম সপ্তাহতে হঠাৎ ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য বৃদ্ধি পাই হলগৈ ৪০,২০০ টকা।

প্ৰদীপ সৰকাৰে আৰু আশংকা প্ৰকাশ কৰে যে আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ আৰম্ভ হ’লে ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব সোণৰ মূল্যৰ ওপৰত। তেতিয়া এতোলা সোণৰ মূল্য ৫৫–৫৬ হাজাৰ টকা হোৱাৰ সম্ভাৱনা আছে। আনহাতে, হঠাৎ মূল্য বৃদ্ধি পোৱাৰ ফলত লোকচানৰ সন্মুখীন হৈছে সোণৰ গহণাৰ ব্যৱসায়ীসকল। কাৰণ বিয়াৰ বাবে বহু লোকে পূৰ্বে গহণাৰ অৰ্ডাৰ দিয়াৰ সময়ত সোণৰ মূল্য কমি আছিল। কিন্তু বৰ্তমান সেই মূল্য বহু পৰিমাণে বৃদ্ধি পোৱাত লোকচানৰ সন্মুখীন হ’বলগা হৈছে ব্যৱসায়ীসকল।

আনহাতে, CNBC–আৱাজে পোৱা খবৰ অনুসৰি, বিত্ত মন্ত্ৰণালয়ে বেংক সমূহক কৈছে যে, তিনিমাহৰ অন্তৰালত বেংকে স্থিৰ কৰক  ‘Gold Monetization Scheme’ আঁচনিৰ অধীনত কিমান সোণ গ্ৰাহকে পৰা জমা কৰিব লাগিব। বিত্ত মন্ত্ৰণালয়ে প্ৰত্যেক তিনিমাহৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ বেংকক নিৰ্দেশ দিছে। সুত্ৰ অনুসৰি, এই বিষয়টোৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰণালয় আৰু গ’ল্ড ছেক্টৰৰ মাজত বৈঠক অনুষ্ঠিত হয়। ‘Gold Monetization Scheme’ৰ বাবে এটা পৰ্টেল খোলাৰো ব্যৱস্থা কৰিছে মন্ত্ৰণালয়ে।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি