মঙলবাৰে আকৌ সস্তা হ’ল সোণ, ৰূপৰ মূল্য বৃদ্ধি, জানক আজিৰ শেহতীয়া ৰেট

News18 Assam | News18-Assam
Updated:January 19, 2021, 1:35 PM IST
মঙলবাৰে আকৌ সস্তা হ’ল সোণ, ৰূপৰ মূল্য বৃদ্ধি, জানক আজিৰ শেহতীয়া ৰেট
মঙলবাৰে দেশৰ মাল্টি কম’ডিটি এক্সচেঞ্জত গ’ল্ডৰ (MCX Gold Price) মূল্য হ্ৰাস হোৱা দেখা যায়। পুৱা সোণৰ মূল্য ১৮টকা হ্ৰাস পাই ৪৮,৮৭৬টকাত লেভেল হৈ আছিল।

মঙলবাৰে দেশৰ মাল্টি কম’ডিটি এক্সচেঞ্জত গ’ল্ডৰ (MCX Gold Price) মূল্য হ্ৰাস হোৱা দেখা যায়। পুৱা সোণৰ মূল্য ১৮টকা হ্ৰাস পাই ৪৮,৮৭৬টকাত লেভেল হৈ আছিল।

  • Share this:
নতুন দিল্লীঃ মঙলবাৰে দেশৰ মাল্টি কম’ডিটি এক্সচেঞ্জত গ’ল্ডৰ (MCX Gold Price) মূল্য হ্ৰাস পোৱা দেখা যায়। পুৱা সোণৰ ফেব্ৰুৱাৰীৰ ফিউচাৰ ট্ৰেড ১৮টকা হ্ৰাস পাই ৪৮,৮৭৬টকাত লেভেল হৈ আছিল। ইয়াৰ বাহিৰে ৰূপৰ মাৰ্চৰ ফিউচাৰ ট্ৰেডিং ৩৫৬টকা বাঢ়ি ৬৫,৭৮৫টকাত লেভেল হৈ আছিল। ইয়াৰ বাহিৰে ব্যৱসায়িক সত্ৰত সোণৰ মূল্য (Gold price today) প্ৰতি দহ গ্ৰামত ৪৮,২১৫টকা আছিল। আনহাতে ৰূপৰ দাম ৬৪,১১৬টকা প্ৰতি কিলোগ্ৰামত আছিল। আহক জানো ৰাজধানীত আজি কেনেকৈ আৰম্ভ হৈছিল ব্যৱসায়–

দিল্লীত ১৯জানুৱাৰী, ২০২১ৰ সোণৰ মূল্য–

২২কেৰেট গ’ল্ড–৪৭৬৬০ টকা

২৪ কেৰেট গ’ল্ড–৫১৯৯০টকা

ৰূপৰ মূল্য–৬৫৬০০টকা

ইণ্টাৰনেচনেল মাৰ্কেটত সোণৰ দাম কিমান?
ইয়াৰ বাহিৰে ইণ্টাৰনেচনেল মাৰ্কেটক কথা ক’বলৈ গ’লে দ্ৰুত গতিৰে ব্যৱসায় বাঢ়িছে। আজি আমেৰিকাত সোণৰ ব্যৱসায় ১.৯৫ডলাৰ বাঢ়ি ১,৮৩৮.৩৩টকা প্ৰতি আউন্সৰ ৰেটত আছিল। আনহাতে ৰূপৰ দাম ০.২৫ডলাৰ বাঢ়ি ২৫.২১ডলাৰৰ লেভেলত আছে।

উল্লেখ্য যে, ভাৰতীয় বজাৰত সোমবাৰে অৰ্থাৎ ১৮জানুৱাৰী ২০২১ত গ’ল্ডৰ মূল্য যথেষ্ট বঢ়া দেখা গ’ল। দিল্লীৰ সোণ–ৰূপৰ বজাৰত সোণৰ দাম (Gold Price Today) ১১৭টকা প্ৰতি ১০গ্ৰামত সামান্য বঢ়া দেখা গৈছিল। দিল্লীত ৯৯.৯ গ্ৰাম শুদ্ধতাৰ সোণৰ নতুন দাম প্ৰতি দহ গ্ৰামত ৪৮,৩৩২টকা হৈছিল।

ৰূপৰ মূল্য বাঢ়িছে

দিল্লীৰ সোণ–ৰূপৰ বজাৰত ৰূপৰ মূল্য ৫৪১টকা বঢ়া দেখা গৈছিল। এতিয়া দাম প্ৰতি কিলোগ্ৰামত ৬৪,৬৫৭টকা হৈছে।
First published: January 19, 2021, 1:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি