সোণ ক্ৰেতাসকলৰ বাবে আছে এটা ভাল খবৰ । প্ৰতিদিনৰ বৃদ্ধিৰ পিছত আজি পুনৰ হ্ৰাস পাইছে সোণৰ মূল্য । কালিৰ তুলনাত আজি আপুনি কম দামতে সোণ ক্ৰয় কৰিব পাৰিব। মাল্টি কমোডিটি এক্সচেঞ্জত, সোণৰ আগষ্টৰ ফিউচাৰ মূল্যত ১৬২ টকা বা ০.৩৪ শতাংশ হ্ৰাস পোৱাত আজি প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৪৬,৯১০ টকালৈ হ্ৰাস পায় । অৰ্থাৎ সোণ আজি ৪৭,০০০ টকাৰ স্তৰৰ তললৈ গতি কৰিছে । সোণৰ ভৱিষ্যত পূৰ্বৰ অধিৱেশনত প্ৰতি ১০ গ্ৰামত ৪৭,০৭২ টকাত বন্ধ হৈছিল।
আনফালে মাল্টি কমোডিটী এক্সচেঞ্জত ৰূপৰ জুলাই ভৱিষ্যত মূল্য প্ৰতি কিলোগ্ৰামত ৬৭,৫৬০ টকা আছি, যি আজি ৩৭২ টকা বা ০.৫৫ শতাংশ হ্ৰাস হৈ প্ৰতি কিলোগ্ৰামত হয়গৈ ৬৭,৯৩২ টকা ।
গোলকীয় বজাৰতো হ্ৰাস পাইছে মূল্য -
বিশ্ব বজাৰতো স্পট সোণ ০.১ শতাংশ হ্ৰাস হৈ প্ৰতি আউন্সত হৈছে ১,৭৭৭.২৬ ডলাৰ আনফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সোণৰ ভৱিষ্যত ০.২ শতাংশ হ্ৰাস হৈ প্ৰতি আউন্সত ১,৭৭৯.৫০ ডলাৰ হৈছে ।
২৪ কেৰেট সোণৰ মূল্য
২৪ কেৰেট সোণৰ মূল্যৰ কথা ক'লে দিল্লীত ১০ গ্ৰামৰ মূল্য হৈছে ৫০,৩৪০ টকা, কলকাতাৰ মূল্য ৪৯,২১০ টকা, মুম্বাইত ৪৭,১৬০ টকা, লক্ষ্ণৌত ৫০,৩৪০ টকা, হায়দৰাবাদত ৪৮,১১০ টকা আৰু চেন্নাইৰ মূল্য ৪৮,৬১০ টকা।
এনেদৰে পৰীক্ষা কৰক সোণৰ বিশুদ্ধতা -
যদি আপুনি এতিয়া সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব বিচাৰে, তেন্তে ভাল খবৰ ৷ ইয়াৰ বাবে চৰকাৰে এটা নতুন এপৰ সৃষ্টি কৰিছে। “BIS Care App”ৰ মাধ্যমেৰে গ্ৰাহকসকলে সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰে। এই এপৰ দ্বাৰা কেৱল সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাই নহয়, ইয়াৰ সৈতে জড়িত যিকোনো অভিযোগ দাখিল কৰিব পাৰিব আপুনি । সামগ্ৰীৰ অনুজ্ঞাপত্ৰ, পঞ্জীয়ন আৰু হলমাৰ্ক নম্বৰ অশুদ্ধ বুলি জানিব পৰা মাত্ৰকে এই এপৰ জৰিয়তে আপুনি তৎক্ষণাৎ অভিযোগ দাখিল কৰিব পাৰিব ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|