সোণ কিনাৰ চিন্তা কৰিছে যদি ৰ’ব! ১জানুৱাৰীৰ পৰা সলনি হ’ব এই নিয়ম, চৰকাৰে দিলে অনুমোদন

News18-Assam
Updated:November 19, 2019, 1:24 PM IST
সোণ কিনাৰ চিন্তা কৰিছে যদি ৰ’ব! ১জানুৱাৰীৰ পৰা সলনি হ’ব এই নিয়ম, চৰকাৰে দিলে অনুমোদন
কনজিউমাৰ এফেয়াৰ্চ মন্ত্ৰালয়ে সোণ আৰু ৰূপৰ গহণা ক্ৰয় কৰাৰ ক্ষেত্ৰত হ’লমাৰ্কিং অনিবাৰ্য কৰাৰ নিয়মত অনুমোদন জনাইছে। এই অনিবাৰ্য হ’লমাৰ্কিং ১জানুৱাৰীৰ পৰা বলৱৎ হ’ব। 

কনজিউমাৰ এফেয়াৰ্চ মন্ত্ৰালয়ে সোণ আৰু ৰূপৰ গহণা ক্ৰয় কৰাৰ ক্ষেত্ৰত হ’লমাৰ্কিং অনিবাৰ্য কৰাৰ নিয়মত অনুমোদন জনাইছে। এই অনিবাৰ্য হ’লমাৰ্কিং ১জানুৱাৰীৰ পৰা বলৱৎ হ’ব। 

  • Share this:
যদি আপুনি সোণৰ গহণা ক্ৰয় কৰিবলৈ গৈ আছে তেনেহ’লে এই খবৰ আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। নৱবৰ্ষ অৰ্থাৎ ১জানুৱাৰীৰ পৰা সোণৰ গহণা ক্ৰয় কৰাৰ নিয়ম সলনি হ’বলৈ গৈ আছে। দৰাচলতে দীঘলীয়া প্ৰতিক্ষাৰ অন্তত কনজিউমাৰ এফেয়াৰ্চ মন্ত্ৰালয়ে সোণ–ৰূপৰ গহণাৰ ক্ষেত্ৰত অনিবাৰ্য হ’লমাৰ্কিং ব্যৱস্থালৈ সেউজ সংকেত প্ৰদান কৰিছে। এই অনিবাৰ্য হ’লমাৰ্কিং ১জানুৱাৰীৰ পৰা প্ৰযোজ্য হ’ব।

এই সপ্তাহৰ ভিতৰতে মন্ত্ৰালয়ে এই ক্ষেত্ৰত নটিফিকেশ্যন জাৰি কৰিব পাৰে। অৱশ্যে দূৰৱৰ্তী এলেকাত অনিবাৰ্য হ’লমাৰ্কিঙৰ ব্যৱস্থা বলৱৎ কৰিবলৈ ১বছৰৰ সময় দিয়া হ’ব। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত গহণাৰ উদ্যোগত বৃহৎ প্ৰভাৱ পৰিব। অৱশ্যে গ্ৰাহকে ইয়াৰ জৰিয়তে উপকৃত হ’ব পাৰিব। বৰ্তমান সময়ত কেৱল ৪০শতাংশ গহণাৰহে হ’লমাৰ্কিং কৰা হয়। ভাৰত হৈছে সোণৰ সৰ্বাধিক আমদানি কৰা দেশ। কেৱল গহণাৰ উদ্যোগৰ চাহিদা পূৰণ কৰিবলৈ ভাৰতে প্ৰতিবছৰে ৭০০–৮০০টন সোণ আমদানি কৰে।  

অনিবাৰ্য হ’লমাৰ্কিঙক সেউজ সংকেত দিয়াৰ পিছত ১৪কেৰেট, ১৬কেৰেট,  ১৮কেৰেট, ২০কেৰেট আৰু ২২কেৰেটৰ গহণাৰ হ’লমাৰ্কিং অনিবাৰ্য হ’ব। ইয়াৰ কাৰণে ৪০০–৫০০ নতুন এচেছিং চেণ্টাৰ খোলা হ’ব। বৰ্তমান দেশত ৭০০ৰো অধিক এচেছিং চেণ্টাৰ আছে।

অৱশ্যে গ্ৰামীণ জুৱেলাৰীৰ ক্ষেত্ৰত চৰকাৰে এই নিয়ম বলৱৎ কৰিবলৈ ১বছৰ পৰ্যন্ত সময় লাগিব পাৰে। এই সময়চোৱাত বিআইএছে (BIS) গ্ৰাহকক বাধ্যতামূলক হ’লমাৰ্কিং গহণা ক্ৰয় কৰিবলৈ সজাগ কৰিব।

উল্লেখযোগ্য যে হ’লমাৰ্কিং ব্যৱস্থাত সোণৰ গহণাত কিমান অন্য ধাতু আছে সেই অনুপাতৰ সঠিক ধাৰণা থকাৰ লগতে ইয়াৰ আনুষ্ঠানিক ৰেকৰ্ড থাকে। নতুন নিয়মৰ অধীনত এতিয়া সোণৰ গহণাৰ হ’ল মাৰ্কিং বাধ্যতামূলক হ’ব। ইয়াৰ কাৰণে গহণাৰ ব্যৱসায়ীয়ে লাইচেন্স ল’ব লাগিব।

(CNBC আৱাজৰ সূত্ৰত প্ৰস্তুত কৰা প্ৰতিবেদন)
আৰু চাওক
পৰৱৰ্তী বাতৰি