• Home
  • »
  • News
  • »
  • nation
  • »
  • Gold ATM: এটিএমৰ পৰা ওলাব সোণ! জানক ক'ত মুকলি হ'ল দেশৰ প্ৰথমটো গল্ড এটিএম

Gold ATM: এটিএমৰ পৰা ওলাব সোণ! জানক ক'ত মুকলি হ'ল দেশৰ প্ৰথমটো গল্ড এটিএম

অটোমেটেড টেলাৰ মেচিন (এটিএম)ৰ পৰা ধন উলিওৱাটো আপুনি নিশ্চয় দেখিছে। এতিয়া এনে এটা সুবিধা আৰম্ভ কৰা হৈছে, যাৰ জৰিয়তে আপুনি এটিএমৰ পৰা সোণ উলিয়াব পাৰিব।

অটোমেটেড টেলাৰ মেচিন (এটিএম)ৰ পৰা ধন উলিওৱাটো আপুনি নিশ্চয় দেখিছে। এতিয়া এনে এটা সুবিধা আৰম্ভ কৰা হৈছে, যাৰ জৰিয়তে আপুনি এটিএমৰ পৰা সোণ উলিয়াব পাৰিব।

হায়দৰাবাদৰ কোম্পানী Goldsikka Pvt Ltd এ Opencube Technologies ৰ সহায়ত এই ATM সংস্থাপন কৰিছে। গ্ৰাহকে ডেবিট বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি এটিএমৰ জৰিয়তে সোণৰ মুদ্ৰা ক্ৰয় কৰিব পাৰিব।

  • Share this:
অটোমেটেড টেলাৰ মেচিন (এটিএম)ৰ পৰা ধন উলিওৱাটো আপুনি নিশ্চয় দেখিছে। এতিয়া এনে এটা সুবিধা আৰম্ভ কৰা হৈছে, যাৰ জৰিয়তে আপুনি এটিএমৰ পৰা সোণ উলিয়াব পাৰিব। আচলতে তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত প্ৰথমটো ৰিয়েল টাইম গল্ড এটিএম স্থাপন কৰা হৈছে। এই ৰিয়েল টাইম গল্ড এটিএমৰ পৰা সোণৰ মুদ্ৰা উলিয়াব পাৰিব।

হায়দৰাবাদৰ কোম্পানী Goldsikka Pvt Ltd এ Opencube Technologies ৰ সহায়ত এই ATM সংস্থাপন কৰিছে। গ্ৰাহকে ডেবিট বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি এটিএমৰ জৰিয়তে সোণৰ মুদ্ৰা ক্ৰয় কৰিব পাৰিব।

সোণ কিনাৰ ২৪ ঘণ্টীয়া সুবিধা
সোণ ক্ৰয়-বিক্ৰয়ৰ ব্যৱসায়ত জড়িত গোল্ডচিকাৰ চিইঅ’ চি তৰুজৰ মতে এই এটিএম ব্যৱহাৰ কৰি মানুহে ০.৫ গ্ৰামৰ পৰা ১০০ গ্ৰামলৈকে সোণৰ মুদ্ৰা ক্ৰয় কৰিব পাৰিব। এই এটিএমত সোণৰ মূল্য লাইভ আপডেট কৰা হ'ব। ২৪ ঘণ্টাই উপলব্ধ হ’ব গোল্ড এটিএম সেৱা।

কোম্পানীয়ে মুকলি কৰিব ৩ হাজাৰ গল্ড এটিএম
তৰুজৰ মতে, কোম্পানীটোৱে পেড্ডাপল্লী, ৱাৰংগল আৰু কৰিমনগৰতো এনে গল্ড এটিএম খোলাৰ পৰিকল্পনা কৰিছে। আগন্তুক ২ বছৰত সমগ্ৰ ভাৰতত প্ৰায় ৩,০০০ টা Gold ATM খোলাৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে।

যোৱা বছৰ গুৰুগ্ৰামত দেশৰ প্ৰথমটো 'শস্য এটিএম' স্থাপন কৰা হৈছিল
তাৎপৰ্যপূৰ্ণভাৱে যোৱা বছৰ হাৰিয়ানাৰ গুৰুগ্ৰামত দেশৰ প্ৰথমটো সেউজ এটিএম স্থাপন কৰা হৈছিল। খাদ্য আৰু যোগানৰ দায়িত্বত থকা হাৰিয়ানাৰ উপ-মুখ্যমন্ত্ৰী দুষ্যন্ত চৌটালাই কৈছিল যে শস্যৰ এটিএম স্থাপনৰ লগে লগে চৰকাৰী দোকানৰ পৰা ৰেচন লোৱাসকলৰ সময়মতে আৰু সম্পূৰ্ণ জোখ-মাখৰ সন্দৰ্ভত সকলো অভিযোগ নাইকিয়া হৈ যাব। তেওঁ কৈছিল যে এই মেচিনটো স্থাপনৰ উদ্দেশ্য হৈছে "সঠিক পৰিমাণৰ পৰা সঠিক হিতাধিকাৰীলৈ"। তেওঁ কয় যে ইয়াৰ দ্বাৰা গ্ৰাহকৰ উপকাৰ হোৱাই নহয়, চৰকাৰী ডিপোত খাদ্য শস্যৰ নাটনিৰ চাপো নাইকিয়া হ’ব।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি