সুখবৰ! আজি এইবছৰৰ ভিতৰত সৰ্বনিম্ন হ’ল সোণ–ৰূপৰ দাম, চাওক নতুন ৰেট

News18 Assam | News18-Assam
Updated:January 7, 2020, 6:07 PM IST
সুখবৰ! আজি এইবছৰৰ ভিতৰত সৰ্বনিম্ন হ’ল সোণ–ৰূপৰ দাম, চাওক নতুন ৰেট
ডলাৰৰ তুলনাত ভাৰতীয় টকা মজবুত হোৱাৰ কাৰণে সোণৰ মূল্যৰ পৰিৱৰ্তন হৈছে। সোণ–ৰূপৰ মূল্য হোৰা–হোৰে বাঢ়ি থকাৰ সময়ত আজিৰ দিনটোত এইবছৰৰ ভিতৰত সৰ্বনিম্ন হ’ল সোণ আৰু ৰূপৰ দাম। প্ৰতি ১০গ্ৰাম সোণৰ মূল্য ৪২০টকা হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ মূল্যত ৮৩০টকাৰ বৃহৎ হ্ৰাস হৈছে। 

  • Share this:
সোমবাৰে যথেষ্ট উচ্চ হাৰত দাম বঢ়াৰ পিছত মঙলবাৰে সোণ–ৰূপৰ মূল্য যথেষ্ট হ্ৰাস হোৱা দেখা যায়। ভাৰতীয় টকা মজবুত হোৱাৰ ফলত একেদিনাই সোণ ৪২০টকা প্ৰতি ১০গ্ৰামত হ্ৰাস পোৱাৰ লগতে ৰূপৰ মূল্য ৮৩০টকা পৰ্যন্ত কমিছে। আপোনাক জনাও যে, সোমবাৰে আমেৰিকা আৰু ইৰাণৰ মাজৰ মাজত উত্তেজনা বৃদ্ধি পোৱাক লৈ সোণ–ৰূপৰ দাম বজাৰৰ শিখৰ চুইছিলগৈ। সোমবাৰে দিল্লীৰ সৰৌফা বজাৰত সোণৰ মূল্য ৭২০টকালৈ বাঢ়িছিল। ইয়াৰ পিছত মঙলবাৰে সৰৌফা বজাৰত ১০গ্ৰাম সোণৰ দাম ৪১,৬৩০টকাৰ পৰা হ্ৰাস পাই ৪১,২১০টকা হয়। এই সময়ছোৱাত সোণৰ দাম ৪২০টকা প্ৰতি দহ গ্ৰামত হ্ৰাস পাইছে। বিগত দুটা দিনত সোণৰ দাম প্ৰতি ১০গ্ৰামত প্ৰায় ১৫০০টকা বাঢ়িছিল।

একেদৰে ৰূপৰ দামো যথেষ্ট হ্ৰাস পায়। মঙলবাৰে ৰূপৰ দাম ৪৯,৪৩০টকাৰ পৰা হ্ৰাস পাই ৪৮,৬০০টকা হয়। প্ৰায় ৮৩০টকা কমিছে ৰূপৰ দাম।

অৱশ্যে আজিহে দাম তুলনামূলকভাৱে কমিছে, আগন্তুক দিনত সোণ–ৰূপৰ দাম আকৌ বৃদ্ধি পোৱাৰ আশংকাই প্ৰকাশ কৰিছে ট্ৰেড পণ্ডিতসকলে।

আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৃষ্টি হোৱা অনিশ্চয়তাৰ পৰিৱেশৰ কাৰণে হৈছে মূল্যবৃদ্ধি।
আৰু চাওক
পৰৱৰ্তী বাতৰি