মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»দিল্লীৰ ৰোহিণী ক’ৰ্টত ভয়ংকৰ গুলীচালনা, গগী গেঙৰ মুৰব্বীৰ মৃত্যু, আৰক্ষীৰ গুলীত নিহত দুই আক্ৰমণকাৰী

দিল্লীৰ ৰোহিণী ক’ৰ্টত ভয়ংকৰ গুলীচালনা, গগী গেঙৰ মুৰব্বীৰ মৃত্যু, আৰক্ষীৰ গুলীত নিহত দুই আক্ৰমণকাৰী

News18 Assam | News18-Assam
Updated:September 24, 2021, 4:11 PM IST
দিল্লীৰ ৰোহিণী ক’ৰ্টত ভয়ংকৰ গুলীচালনা, গগী গেঙৰ মুৰব্বীৰ মৃত্যু, আৰক্ষীৰ গুলীত নিহত দুই আক্ৰমণকাৰী
অধিবক্তাৰ পোছাকত অহা দুই দুৰ্বৃত্তই দিল্লীৰ কুখ্যাত গেংষ্টাৰ জিতেন্দ্ৰ ওৰফে গগীলৈ লক্ষ্য কৰি গুলীচালনা কৰে।

অধিবক্তাৰ পোছাকত অহা দুই দুৰ্বৃত্তই দিল্লীৰ কুখ্যাত গেংষ্টাৰ জিতেন্দ্ৰ ওৰফে গগীলৈ লক্ষ্য কৰি গুলীচালনা কৰে।

  • News18 Assam
  • Last Updated: September 24, 2021, 4:11 PM IST
  • Share this:


ৰাজধানী দিল্লীৰ ৰোহিণী ক’ৰ্টত হাজিৰ কৰোৱাৰ সময়তে সংঘটিত হোৱা গুলীচালনাত গগী গেঙৰ মুৰব্বী জিতেন্দ্ৰ গগীৰ মৃত্যু হয়। এই ঘটনাত আৰক্ষীয়ে আক্ৰমণকাৰী দুই দুৰ্বৃত্তকো গুলীয়াই হত্যা কৰে। আনহাতে, গুলীচালনাৰ ঘটনাত ৰোহিণী ক’ৰ্ট চৌহদত সৃষ্টি তীব্ৰ আতংকৰ।

জানিব পৰা মতে, অধিবক্তাৰ পোছাকত অহা দুই দুৰ্বৃত্তই দিল্লীৰ কুখ্যাত গেংষ্টাৰ জিতেন্দ্ৰ ওৰফে গগীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। এই গুলীচালনাত গুৰুতৰভাৱে আহত হয় তেওঁ। লগে লগে গগীক হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও মৃত্যুক সাবটি লয়। আনহাতে, ক’ৰ্ট চৌহদত আক্ৰমণ কৰা দুৰ্বৃত্তলৈ আৰক্ষীয়ে গুলীচালনা কৰাত ৫০ হাজাৰ পুৰস্কাৰ ধাৰ্য কৰা ৰাহুলসহ আন এটা দুৰ্বৃত্ত নিহত হয়।

আৰক্ষীৰ মতে, এই আক্ৰমণ ক’ৰ্টৰ ৰুং নং ২০৭ৰ ভিতৰত হয়। য’ত গগীক হাজিৰ কৰোৱা হৈছিল। আক্ৰমণকাৰী পূৰ্বৰে পৰা অধিবক্তাৰ পোছাকত খাপ পিটি আছিল। গগীক আৰক্ষীয়ে ভিতৰলৈ লৈ যোৱাৰ লগে লগে আক্ৰমণকাৰীয়ে গুলীচালনা কৰে। আৰক্ষীয়েও লগে লগে গুলীৰে প্ৰত্যুত্তৰ দিয়াত থিতাতে নিহত হয় দুই আক্ৰমণকাৰী।

উল্লেখযোগ্য যে নিহত গগী এজন কুখ্যাত অপৰাধী। তেওঁৰ ওপৰত হত্যা, বলপূৰ্বক ধনদাবী আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ দৰে গোচৰ আছে। তেওঁক বিগত বৰ্ষত দিল্লী আৰক্ষীয়ে গুৰুগ্ৰামত গ্ৰেপ্তাৰ কৰিছিল।

Published by: Sanjay Kumar Das
First published: September 24, 2021, 4:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি