মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Costliest Fish: গোদাবৰী নৈৰ এইবিধ বিখ্যাত মাছ প্ৰতি কেজিত বিক্ৰী হয় ৫ৰ পৰা ১৭ হাজাৰ টকাত, অনন্য সোৱাদ

Costliest Fish: গোদাবৰী নৈৰ এইবিধ বিখ্যাত মাছ প্ৰতি কেজিত বিক্ৰী হয় ৫ৰ পৰা ১৭ হাজাৰ টকাত, অনন্য সোৱাদ

News18 Assam | News18-Assam
Updated:July 20, 2021, 8:58 PM IST
Costliest Fish: গোদাবৰী নৈৰ এইবিধ বিখ্যাত মাছ প্ৰতি কেজিত বিক্ৰী হয় ৫ৰ পৰা ১৭ হাজাৰ টকাত, অনন্য সোৱাদ
গোদাবৰী জিলাত বাৰিষা ঋতুত প্ৰতি বছৰে পৰিয়ালৰ সদস্য, বন্ধুবৰ্গ আৰু শুভাকাংক্ষীসকলৰ সৈতে এই মাছেৰে এসাঁজ খোৱাটো এক পৰম্পৰা।

গোদাবৰী জিলাত বাৰিষা ঋতুত প্ৰতি বছৰে পৰিয়ালৰ সদস্য, বন্ধুবৰ্গ আৰু শুভাকাংক্ষীসকলৰ সৈতে এই মাছেৰে এসাঁজ খোৱাটো এক পৰম্পৰা।

  • Share this:

১ কেজি মাছৰ দাম ৫ হাজাৰৰ পৰা ১৭ হাজাৰ। মূল্যবৃদ্ধি নহয় বাৰিষা কালত এনে মূল্যতে বিক্ৰী হয় এইবিধ মাছ। অন্ধ্ৰপ্ৰদেশত গোদাবৰী নদীত পোৱা এই মাছবিধক লৈ স্থানীয় তেলুগু ভাষাত এক প্ৰবাদ আছে– 'পুস্তেলু আম্মাইনা পুলাচা তিনালি'। ইয়াৰ অৰ্থ মংগলসূত্ৰ বিক্ৰী কৰি হ'লেও পুলাচা মাছ খোৱা উচিত। গোদাবৰী নৈৰ পুলাচাক মাছৰ ভিতৰত আটাইতকৈ ব্যয়বহুল মাছ বুলি গণ্য কৰা হয়। গোদাবৰীত বাৰিষাৰ সময়ত পুলাচা উপলব্ধ হয়।


গোদাবৰী জিলাত এই ঋতুত চাহিদাৰ ওপৰত ভিত্তি কৰি  ১ কেজি পুলাচা মাছৰ মূল্য ৫ হাজাৰৰ পৰা ১৭ হাজাৰলৈকে হয়। মাছৰ সোৱাদো অনন্য। সেয়ে প্ৰায়ভাগ ৰাজনৈতিক নেতা আৰু চলচ্চিত্ৰ উদ্যোগৰ লোকে এই ঋতুত পুলাচা মাছ ক্ৰয় কৰিবলৈ আগ্ৰহ দেখুৱায়। কিছুমান লোকে ৰাজনৈতিক নেতাসকলক তেওঁলোকৰ কাম সম্পূৰ্ণ কৰিবলৈ বা চৰকাৰী নেতা–কৰ্মচাৰীক কৃতজ্ঞতা ৰূপে এই পুলাচা উপহাৰ দিয়ে।


জিলাখনৰ চহৰৰ মাছ বজাৰত দৈনিক প্ৰায় ৫০ কিলোগ্ৰাম পুলাচা আমদানি হয় আৰু দৈনিক প্ৰায় ৪০ কিলোগ্ৰাম পুলাচা বিক্ৰী হয়। স্থানীয় ভাষাত ইয়াক পুলাচাৰ লগতে 'হিলচা' বোলাও হয়। কেৱল অন্ধ্ৰ প্ৰদেশতে নহয়, তেলেংগানা, তামিলনাডু, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰতো আটাইতকৈ বেছিকৈ গ্ৰাহক আকৰ্ষণ কৰে এইবিধ মাছে।



গোদাবৰী নদীত জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে এই মাছ পোৱা যায়। অন্ধ্ৰ প্ৰদেশৰ গোদাবৰী জিলাসমূহত 'পুলাচা কাৰী' নামৰ এটা জনপ্ৰিয় আৰু পৰম্পৰাগত ব্যঞ্জন আছে। মূল্যক গুৰুত্ব নিদি গোদাবৰী জিলাত বাৰিষা ঋতুত প্ৰতি বছৰে পৰিয়ালৰ সদস্য, বন্ধুবৰ্গ আৰু শুভাকাংক্ষীসকলৰ সৈতে 'পুলাচা কাৰী'ৰে এসাঁজ খোৱাটো এক পৰম্পৰা।

Published by: Gautam Barman
First published: July 20, 2021, 8:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি