প্ৰধানমন্ত্ৰীৰ সন্দৰ্ভত অশ্লীল মন্তব্য, চাকৰি হেৰুৱালে Go Airৰ পাইলটে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি চাকৰি হেৰুৱালে Go Airৰ এজন পাইলটে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি চাকৰি হেৰুৱালে Go Airৰ এজন পাইলটে।
- News18 Assam
- Last Updated: January 10, 2021, 5:30 PM IST
Go Airৰ পাইলট মিকি মালিকে ছচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰীৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰে। লগে লগে বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে। পাইলট জনে ছচিয়েল মিডিয়াৰ একাউণ্টৰ পৰা পোষ্ট ডিলিট কৰিও নাপালে ৰেহাই। মিকি মালিকক চাকৰিৰ পৰা অপসাৰণ কৰিলে Go Air কৰ্তৃপক্ষই।
ঘটনাটো সংঘটিত হৈছিল বৃহস্পতিবাৰে। মিকি মালিকে নিজৰ টুইটাৰ একাউণ্টত লিখিছিল যে, ‘প্ৰধানমন্ত্ৰী ইডিয়ট। আপুনিও মোক ক’ব পাৰে ইডিয়ট। কোনো কথা নাই, মইটো প্ৰধানমন্ত্ৰী নহয়। কিন্তু প্ৰধানমন্ত্ৰী ইডিয়ট।’