• Home
  • »
  • News
  • »
  • nation
  • »
  • কোৰোণা ভাইৰাছৰ বাবে আকৌ পিছুৱালে ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া

কোৰোণা ভাইৰাছৰ বাবে আকৌ পিছুৱালে ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া

দেশৰ ক্ৰীড়া প্ৰেমীৰ বাবে দুঃখবৰ

দেশৰ ক্ৰীড়া প্ৰেমীৰ বাবে দুঃখবৰ

দেশৰ ক্ৰীড়া প্ৰেমীৰ বাবে দুঃখবৰ

  • Share this:
দেশৰ ক্ৰীড়া প্ৰেমীৰ বাবে দুঃখবৰ। কোৰোণা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আকৌ এবাৰ পিছুৱালে গোৱাত হ’বলগীয়া ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া। কোৰোণা ভাইৰাছৰ বাবেই অনিৰ্দিষ্ট কাললৈ স্থগিত হ’ল গোৱাত অহা ২০ অক্টোৱৰৰ পৰা ৪ নবেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া।

২০১৫ চনত কেৰালাত ৩৫ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হোৱাৰ পিছত দেশত এইপৰ্যন্ত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হোৱা নাই। পূৰ্বতে আন্ত: গাঠনি সময়মতে প্ৰস্তুত নহোৱাৰ বাবে পিছুৱাই ২০২০ চনৰ ২০ অক্টোবৰৰ পৰা ১৮ নবেম্বৰত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ দিন ধাৰ্য্য কৰা হৈছিল যদিও এইবাৰ কোৰোণাৰ বাবেই অনিৰ্দিষ্ট কাললৈ পিছুৱাই গল।

গোৱাত কোৰোণা সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই গোৱা অলিম্পিক সন্থা আৰু গোৱা চৰকাৰৰ ক্ৰীড়া বিভাগে এই সিদ্ধান্ত লয়। কোৰোণা ভাইৰাছৰ বাবে দেশৰ সন্মানীয় গেমছখন স্থগিত ৰাখিবলগীয়া হোৱাৰ কথা উপ-মুখ্যমন্ত্ৰী মনোহৰ আজগাউকাৰে ঘোষণা কৰে।
First published: