নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক লৈ (AI) পাঁচ দিনীয়া গ্লবেল ভাৰ্চুৱেল চামিটৰ (Global AI Summit RAISE 2020) উদ্বোধন কৰে। 'ৰেচপনচিবল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ফৰ ছচিয়েল এম্পাৱাৰামেণ্ট' বা RAISE 2020ৰ আয়োজন ইণ্ডাষ্ট্ৰীজ আৰু এজুকেশ্যন ক্ষেত্ৰৰ সহযোগিতাৰে কৰা হৈছে। এই অনুষ্ঠানতে ৰিলায়েন্স গ্ৰুপৰ চেয়াৰমেন মুকেশ আম্বানীয়ে (Mukesh Ambani) কয় যে, এই সময়ত ভাৰতৰ ওচৰত এনে সাধন আছে যাৰ জৰিয়তে আমি আৰ্টিফিচিয়েল চেক্টৰত ৱৰ্ল্ড লিডাৰ হ’ব পাৰিম।
'আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কেঁচা মাল হৈছে ডাটা’মুকেশ আম্বানীয়ে কয়, এই গ্লবেল চামিট প্ৰধানমন্ত্ৰী মোদীৰ ভিজনৰ উদাহৰণ। তেওঁ কয় যে ডাটা হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ (AI) কেঁচা মাল। এয়া ৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ সম্পদ। আমাৰ হাতত সঠিক সাধন আছে আৰু এয়াই সঠিক সময় য’ত ভাৰতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ক্ষেত্ৰত ৱৰ্ল্ড লিডাৰৰ দৰে কাম কৰিব পাৰিব। ভাৰতৰ যুৱ প্ৰজন্ম, ইণ্ডাষ্ট্ৰী আৰু সম্পূৰ্ণ দেশে এই এজেণ্ডা বলৱৎ কৰিবলৈ সাজু যিয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক উৎসাহ দিব পাৰে। এই প্ৰসংগত প্ৰফেচৰ ৰাজ ৰেড্ডীয়ে কয় যে, 'মই মুকেশ আম্বানীক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰো যে তেওঁ ঘৰে ঘৰে ফাইবাৰ দিয়াৰ কামৰ আৰম্ভ কৰিলে।'
ৰিলায়েন্সৰ চেয়াৰমেনে কয় যে ছয় বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ডিজিটেল ইণ্ডিয়া অভিযানৰ আৰম্ভনি কৰিছিল আৰু ইয়াক দেশৰ শীৰ্ষ প্ৰাথমিকতা কৰি ৰখা হৈছিল। ইয়াৰ অতি সুন্দৰ ফলাফল পোৱা গৈছে। দেশত ৯৯শতাংশৰো অধিক নাগৰিকৰ ওচৰলৈ 4G ব্ৰডবেণ্ড পোৱাই দিয়া হৈছে। ম’বাইল ডাটা উপভোগৰ ক্ষেত্ৰত ভাৰতে ১৫৫ নম্বৰৰ পৰা বিশ্বৰ প্ৰথম স্থান অধিকাৰ কৰিছে। সেইমতে 5Gক লৈ সম্পূৰ্ণ প্ৰস্তুতি কৰা হৈছে। ইয়াৰ জৰিয়তে ভাৰতে এই ক্ষেত্ৰত নিজৰ স্থিতি মজবুত কৰি ৰাখিব। ভাৰতনেটে প্ৰথমে প্ৰতি ঘৰ আৰু কাৰ্যালয়ক ইণ্টাৰনেটৰ জৰিয়তে সংযুক্ত কৰাৰ প্ৰাথমিকতা সম্পূৰ্ণ কৰিছিল। ইয়াৰ অধীনত দেশৰ চহৰ আৰু নগৰ অঞ্চলতে নহয় ৬লাখ গাঁৱতো অপ্টিকেল ফাইবাৰ নেটৱৰ্কৰ জৰিয়তে সংযুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। ইয়াৰ জৰিয়তে ভাৰতে ফিক্সড ব্ৰডবেণ্ড ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষ স্থান পাব।
'আগন্তুক সময়ত দেশে ডিজিটেল কেপিটেল ক্ষেত্ৰত প্ৰতিস্পৰ্ধা কৰিব'মুকেশ আম্বানীয়ে কয় মেক ইন ইণ্ডিয়াৰ (Make in India) জৰিয়তে আমি দেশক ডিজিটেল ডিভাইচ, চেন্সৰ আৰু আন আন উপকৰণৰ এফৰ্ডেবল মেনুফেকচাৰিঙৰ ক্ষমতা তৈয়াৰ কৰি আছো। কেৱল এয়াই নহয়, ভাৰতে ৱৰ্ল্ড ক্লাচ ডাটা চেণ্টাৰ্ছৰ সহায়ত কম্পিউটাৰ পাৱাৰ ক্ষেত্ৰতো বিশ্বক নেতৃত্ব দিছে। মৰ্ডান টেকন’লজীৰ সহায়ত প্ৰডাকটিভিটি বঢ়োৱা হৈছে। দেশৰ অৰ্থব্যৱস্থা সকলো ক্ষেত্ৰৰে ক্ষমতা পূৰ্বতকৈ বাঢ়িছে। এই সকলো ক্ষমতাৰে আগন্তুক কালত ভাৰতে ডিজিটেল কেপিটেল ক্ষেত্ৰত প্ৰতিস্পৰ্ধা কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|