• Home
  • »
  • News
  • »
  • nation
  • »
  • অহা সপ্তাহৰ পৰা বজাৰলৈ আহিব কোৰোণা ভাইৰাছৰ ঔষধ, ভাৰত চৰকাৰে প্ৰথমটো কোৰোণা চিকিত্‍সাৰ ঔষধত জনালে অনুমোদন

অহা সপ্তাহৰ পৰা বজাৰলৈ আহিব কোৰোণা ভাইৰাছৰ ঔষধ, ভাৰত চৰকাৰে প্ৰথমটো কোৰোণা চিকিত্‍সাৰ ঔষধত জনালে অনুমোদন

‘Glenmark Pharmaceuticals’ নামৰ প্ৰতিষ্ঠানটোৱে কোৰোণা ভাইৰাছৰ ঔষধ ফেবিফ্লু নিৰ্মাণ আৰু বিক্ৰীৰ অনুমতি লাভ কৰিছে

‘Glenmark Pharmaceuticals’ নামৰ প্ৰতিষ্ঠানটোৱে কোৰোণা ভাইৰাছৰ ঔষধ ফেবিফ্লু নিৰ্মাণ আৰু বিক্ৰীৰ অনুমতি লাভ কৰিছে

‘Glenmark Pharmaceuticals’ নামৰ প্ৰতিষ্ঠানটোৱে কোৰোণা ভাইৰাছৰ ঔষধ ফেবিফ্লু নিৰ্মাণ আৰু বিক্ৰীৰ অনুমতি লাভ কৰিছে

  • Share this:
‘Glenmark Pharmaceuticals’ নামৰ প্ৰতিষ্ঠানটোৱে কোৰোণা ভাইৰাছৰ ঔষধ ফেবিফ্লু নিৰ্মাণ আৰু বিক্ৰীৰ অনুমতি লাভ কৰিছে। এতিয়াৰ পৰা এই ঔষধ বিধেৰে সাধাৰণ আৰু মধ্যমীয়া উপসৰ্গৰ কোৰোণা ৰোগীক ৰোগমুক্ত কৰিব পৰা যাব বুলি অনুমান কৰিছে বিশেষজ্ঞই। অহা সপ্তাহৰ পৰা সমগ্ৰ দেশৰে চিকিৎসালয় আৰু ঔষধৰ দোকানত উপলব্ধ হ’ব এই  এণ্টি ভাইৰেল ঔষধ । চিকিৎসকৰ পৰামৰ্শ সাপেক্ষেহে ৰোগীয়ে এই ঔষধ গ্ৰহণ কৰিব পাৰিব। ২০০ এমজিৰ ফেবিফ্লুৰ এটা টেবলেটৰ মূল্য হ’ব ১০৩ টকা। মুম্বাইস্থিত ঔষধ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে এক প্ৰেছ বিজ্ঞাপ্তিৰ যোগেদি শণিবাৰে ‘Drug Controller General of India’ৰ পৰা এই ঔষধ নিৰ্মাণৰ অনুমতি পোৱাৰ কথা জানিবলৈ দিছে ।

বাতৰি প্ৰতিষ্ঠান দি হিন্দুৰ অনলাইন সংস্কৰণত প্ৰকাশ পোৱা মতে মৃদু আৰু মধ্যমীয়া লক্ষণৰ কোৰোণাত আক্ৰান্ত ৰোগীক প্ৰথম দিনা দুবাৰকৈ ১৮০০ এম জি ফেবিফ্লু দিয়া হ’ব। দ্বিতীয় দিনাৰ পৰা ১৪ দিন পৰ্যন্ত দিনে দুবাৰকৈ ৮০০ এম জি পৰিমাণৰ এই ঔষধ প্ৰদান কৰা হ’ব। ১৮ বছৰৰ পৰা ৭৫ বছৰ বয়সৰ ৰোগীকো এই ঔষধ দিব পৰা যাব বুলি প্ৰকাশ বাতৰিটোত। কিন্তু এই ঔষধ গ্ৰহণ কৰাৰ পূর্বে ৰোগীয়ে হাস্পতাল কৰ্তৃপক্ষক এখন ‘undertaking’ দিব লাগিব ।

চিকিৎসা বিজ্ঞানৰ ভাষাত ‘Favipiravir’ নামৰে পৰিচিত এই ঔষধ বিধ ৰাছিয়া, জাপান আৰু চীনে ব্যৱহাৰ কৰি সুফল পাইছে । DCGI-এ জৰুৰীকালীন ঔষধৰ শিতানত এই anti-viral ঔষধৰ অনুমোদন জনাইছে ।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি